Jet Crashes:✒️পুনৰ ভয়াৱহ বিমান দুৰ্ঘটনা! কেলিফৰ্ণিয়াৰ নৌসেনাৰ বিমান ঘাটিৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হৈছে আমেৰিকাৰ এফ-৩৫ যুদ্ধ বিমান! দুৰ্ঘটনাৰ ঠিক আগতেই পাইলটজনে কেনেবাকৈ বিমানখনৰ পৰা বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হয়।
ADVERTISEMENT
গুৰুতৰভাৱে আহত পাইলটজনক হেলিকপ্টাৰেৰে চিকিৎসালয়লৈ লৈ যোৱা হয়। আমেৰিকাৰ সেনাই এক বিবৃতিত এই বিমানখন আমেৰিকাৰ নৌসেনাৰ বুলি জানিবলৈ দিয়ে।
স্থানীয় সময় অনুসৰি সন্ধিয়া প্ৰায় ৬:৩০ বজাত লিমৰ নেভাল এয়াৰ ষ্টেচনৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাটোৰ পাছত ছবি ইতিমধ্যেই ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।






























