Eviction: ✒️গোলাঘাট জিলাৰ অসম-নগালেণ্ড সীমান্তবর্তী উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ উচ্ছেদ অভিযান অব্যাহত আছে। বন বিভাগে প্রশাসন আৰু আৰক্ষীৰ সহযোগত চলোৱা এই উচ্ছেদ অভিযানে আজি দ্বিতীয় দিনত ভৰি দিয়ে।
বুধবাৰে উচ্ছেদকাৰী বাহিনীয়ে বনাঞ্চলখনৰ পিঠাঘাট অঞ্চলত ১৮০টা আৰু সোণাৰিবিল অঞ্চলত ৯৮ টাসহ ২৭৮টা অবৈধ বসতিস্থল উচ্ছেদ কৰে। প্ৰতিটো বাসস্থান উচ্ছেদ কৰাৰ সমান্তৰালভাৱে শাৰী শাৰীকৈ থকা তামোলৰ বাৰীসমূহো উচ্ছেদ কৰা হয়।
কালি চৰকাৰী উচ্ছেদকাৰী বাহিনীয়ে কুখ্যাত চুপাৰি মাফিয়া তথা বিভিন্ন অপৰাধত জড়িত বুলি অভিযোগ উত্থাপিত হৈ অহা হাৰো ওৰফে হৰেশ আলীৰ ৰেংমা বনাঞ্চলস্থিত বাসগৃহ আৰু চুপাৰিৰ গুদামতো বুলড’জাৰ চলায়। – উল্লেখ্য যে কিছুদিন পূর্বে এক গোচৰত গ্ৰেপ্তাৰ হোৱা হাৰোৱে অকলেই বনাঞ্চলখনৰ পাঁচশ বিঘা মাটি বেদখল কৰি তাত তামোলৰ খেতি কৰাৰ অভিযোগ উত্থাপন হৈছে।
কেৱল সেয়াই নহয়, তেওঁ বনাঞ্চলখনৰ ভূমিত তিনিশ পূববংগীয়মূলৰ মুছলমান পৰিয়ালক আনি বহুওৱাৰো অভিযোগ = উত্থাপন হৈছে। কালিৰ পৰা আৰম্ভ হোৱা এই উচ্ছেদ অভিযানৰ সময়ত দুদিনত বনাঞ্চলখনৰ আঢ়ৈশ বিঘা ভূমি বেদখলকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰা হয়।
আনহাতে, এই উচ্ছেদ অভিযান শান্তিপূর্ণভাৱে অব্যাহত থকা বুলি প্রকাশ কৰিছে বন বিভাগৰ বিশেষ মুখ্য সচিব এম কে যাদবে। উচ্ছেদ অভিযানক নেতৃত্ব দিয়া যাদৱে সংবাদ মাধ্যমৰ আগত কয় যে এই উচ্ছেদ অভিযানৰ পাছত পুনৰ উদ্ধাৰকৃত ভূমিত সেউজীয়া আৱৰণী গঢ়ি তোলাৰ উদ্দেশ্য ব্যাপক হাৰত গছ ৰোপণ কৰা হ’ব।
একেদৰে উচ্ছেদ অভিযানৰ সময়ত আইন-শৃংখলা পৰিস্থিতিৰ তদাৰক কৰা অসম আৰক্ষীৰ মহাপৰিদৰ্শক (আইন-শৃংখলা) অখিলেশ কুমাৰ সিঙে কয় যে অসম আৰু নগালেণ্ডৰ চৰকাৰ তথা আৰক্ষী বাহিনীৰ মাজত এই উচ্ছেদ অভিযানত উল্লেখযোগ্য সমন্বয় আৰু সহযোগিতা দেখা গৈছে।
জিলা আয়ুক্ত পুলক মহন্তই সকীয়াই দিয়ে যে সংৰক্ষিত বনাঞ্চলত বেআইনী কার্যকলাপ কোনো পৰিস্থিতিত সহ্য কৰা নহ’ব। উল্লেখ্য যে এই উচ্ছেদ অভিযান আৰম্ভ হোৱাৰ পূৰ্বে বেদখলকাৰীসকললৈ বন বিভাগে জাননী জাৰি কৰে। এই জাননীৰ জৰিয়তে এসপ্তাহৰ ভিতৰত বেদখলকাৰীসকলক ঘৰ-মাটি এৰি আঁতৰি যাবলৈ নিৰ্দেশ দিয়া হয়।
ইতিমধ্যে অধিকাংশ বেদখলকাৰীয়ে ঘৰবাৰী এৰি আঁতৰি গৈছে। ইয়াৰ পূৰ্বে কালি বন বিভাগে বিদ্যাপুৰ স্থায়ী বজাৰৰ ১২০ খনৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে ভালেসংখ্যক পৰিয়ালৰ বাসগৃহ উচ্ছেদ কৰি চাৰি হেক্টৰৰো অধিক বেদখলীকৃত বন ভূমি পুনৰ উদ্ধাৰ কৰে।
ইপিনে, সামাজিক মাধ্যমত একাংশই ‘মিঞা লেণ্ড’ দাবী কৰাক লৈ – উৰিয়ামঘাটতো প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে।






























