Loksewa Bhawan:লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অষ্টম গভৰ্নিং বডিৰ বৈঠক

fcm

Loksewa Bhawan:

দিছপুৰৰ লোকসেৱা ভৱনত বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অষ্টম গভৰ্নিং বডি বৈঠক অনুষ্ঠিত হয় ৷

বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কৃষকৰ আয় দুগুণ কৰাৰ দৃষ্টিভংগীৰ সৈতে সামঞ্জস্য ৰাখি বিভিন্ন বিষয় আলোচনা কৰা হয়।

মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাইচ মিল, অমৃত সৰোবৰ, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান, দুগ্ধ প্ৰকল্প, ধান ক্ৰয়, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান, অৰুণোদয় আদি মুখ্য আঁচনিসমূহৰ বিষয়ে পৰ্যালোচনা কৰে আৰু সংশ্লিষ্ট বিভাগসমূহক আঁচনিসমূহৰ সফল ৰূপায়ণ নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। বৈঠক অংশ লয় কেবিনেট মন্ত্ৰী সহ জ্যেষ্ঠ বিষয়াবৰ্গই ৷

Exit mobile version