Morphine Seized:
বোকাজানৰ অসম – নগালেণ্ড সীমান্তৱৰ্তী ডিলাইত আৰক্ষীৰ তালাচীত মৰফিনসহ আটক দুজন সৰবৰাহকাৰীক ৷ এখন ছুইফট ডিজায়াত আৰক্ষীয়ে তালাচী চলাই প্ৰায় ২ কেজি ১২৭ গ্রাম মৰফিন জব্দ কৰিবলৈ সক্ষম হয়৷ লগতে আটক কৰে ইম্ফলৰ মুছাফিৰ হুছেইন আৰু মহম্মদ আছুবা নামৰ দুই সৰবৰাহকাৰীক ৷ ডিলাই আৰক্ষীয়ে অধিক তথ্যৰ বাবে সৰবৰাহকাৰী দুজনৰ জেৰা চলাইছে ৷
ADVERTISEMENT






























