Arms Seized in Gahpur:
অবৈধ মাৰণাস্ত্ৰৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে তৎপৰ গহপুৰ আৰক্ষী । বিশেষ খবৰৰ ভিত্তিত আৰক্ষীয়ে পুৱতি নিশা সোলেভীৰ ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই এখন বাহনৰ পৰা ৰাছিয়াত নিৰ্মিত ৪টা পিষ্টল , সক্ৰিয় গুলী সহ চাৰি কুখ্যাত মাৰণাস্ত্ৰৰ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ আটকাধীন সৰবৰাহকাৰী কেইটা হ’ল হিবা ডেনিয়েল, ডংদা চাগিট, কন লিনডুম আৰু কুৰুং কুমেৰ হিবা ভাই ৷ আটাইৰে ঘৰ অৰুণাচলত।
ADVERTISEMENT
আৰক্ষীৰ অভিযানটোৰ নেতৃত্ব লয় আৰক্ষী অধীক্ষক প্ৰাণজিৎ লহকৰ আৰু গহপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শশধৰ কলিতাই ৷


































