Vice President election:✒️আৰম্ভ হৈছে ধনখড়ৰ উত্তৰাধিকাৰীৰ সন্ধান । উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন ঘোষণা কৰিছে ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগে। ১৭ সংখ্যক উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ঘোষণা কৰিছে ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগে ।
অহা সাত আগষ্টত নিৰ্বাচনৰ কথা ঘোষণা কৰি এক বিজ্ঞপ্তি জাৰি কৰিব ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগে।অহা ন ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব এই নিৰ্বাচন।
মনোনয়ন দাখিলৰ অন্তিম দিন ২১ আগষ্ট।সেই মনোনয়ন পত্ৰসমূহৰ তদন্ত ২২ আগষ্টত হ’ব। সাংসদসকলে পুৱা ১০ বজাৰ পৰা বিয়লি পাঁচ বজালৈ ভোটদান কৰিব পাৰিব।
প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰে হঠাতে পদত্যাগ কৰাৰ পাছত ৰাজ্যসভাৰ অধ্যক্ষ নিৰ্বাচন অনুষ্ঠিত হৈছে। ভাৰতৰ ইতিহাসত এইবাৰ তৃতীয়বাৰৰ বাবে উপ-ৰাষ্ট্ৰপতি নির্দিষ্ট কার্যকাল শেষ হোৱাৰ পূর্বে উপ-ৰাষ্ট্ৰপতি নির্বাচন হৈছে৷
