পাকিস্তানৰ প্ৰেমত ট্ৰাম্প! বাণিজ্যিক চুক্তিৰ পাছতে পাকিস্তানৰ ওপৰত আৰোপ কৰা শুল্ক হ্ৰাস কৰিলে আমেৰিকাই

trump shahbaz Cover

Donald Trump:✒️পাকিস্তানৰ প্ৰেমত ড’নাল্ড ট্ৰাম্প। বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰাৰ পাছত পাকিস্তানৰ ওপৰত আৰোপ কৰা শুল্কৰ পৰিমাণো হ্ৰাস কৰিছে আমেৰিকাই। কিন্তু ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক এতিয়াও চলি আছে।

আজিৰ পৰা কাৰ্যকৰী হৈছে এই নতুন শুল্কৰ হাৰ।ভাৰতৰ বাহিৰেও কেবাখনো দেশৰ ওপৰত নতুন শুল্ক ঘোষণা কৰিছে ট্ৰাম্পে।

বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে নতুন কাৰ্যবাহী আদেশত স্বাক্ষৰ কৰে। য’ত কোৱা হৈছে যে, “কেবাখনো দেশৰ স’তে আলোচনা হোৱাৰ পাছতো বাণিজ্যিক বৈষম্য দূৰ হোৱা নাই।তেওঁলোকে আমেৰিকাৰ অৰ্থনৈতিক আৰু ৰাষ্ট্ৰীয় স্বাৰ্থৰ পৰিপূৰক হ’ব পৰা নাই।’

নাম প্ৰকাশত অনিচ্ছুক আমেৰিকাৰ এগৰাকী বিষয়াই জনায় যে আগন্তুক দিনত আমেৰিকাই আৰু কেবাখনো বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰিবলৈ ওলাইছে। কিন্তু সেই তালিকাত ভাৰতৰ নাম আছে নে নাই সেয়া এতিয়াও স্পষ্ট নহয়।

উল্লেখ্য যে, আজিৰ পৰা ভাৰতে ২৫ শতাংশ শুল্ক দিব লাগিব। ছিৰিয়াই ৪১ শতাংশ, ব্ৰাজিলে ৫০ শতাংশ, ছুইজাৰলেণ্ডে ৩৯ শতাংশ আৰু টাইৱানে ২০ শতাংশ দিব লাগিব। কিন্তু পাকিস্তানৰ শুল্ক ২৯ শতাংশৰ পৰা ১৯ শতাংশলৈ হ্ৰাস কৰা হৈছে।

প্ৰসংগক্ৰমে আমেৰিকাই ভাৰতৰ ওপৰত শুল্ক আৰোপ কৰি পাকিস্তানৰ স’তে বাণিজ্যিক চুক্তি কৰিছিল। ট্ৰাম্পে জনায়,পাকিস্তানৰ যি তেলৰ ভাণ্ডাৰ আছে তাৰ উন্নতিসাধন বাবে দুয়োখন দেশে একেলগে কাম কৰিব।

Exit mobile version