বলিউডত সর্বাধিক উপাৰ্জনকাৰী ৰোমাণ্টিক ছবিৰ স্বীকৃতি ‘ছাইয়াৰা ‘

images 14

Saiyaara: ✒️চিত্রগৃহত মুক্তিলাভৰ ১৪ সংখ্যক দিনত ‘ছাইয়াৰা’ই সর্বাধিক উপাৰ্জনকাৰী হিন্দী ৰোমাণ্টিক ছবি হিচাপে তালিকাত শীর্ষ স্থান লাভ কৰিলে।

এই স্বীকৃতিৰ বাবে মোহিত সুৰী পৰিচালিত ছবিখনে ছবছৰ পূৰ্বে মুক্তিলাভ কৰা ছাহিদ কপুৰ অভিনীত ‘কবিৰ সিং’ ছবিখনত অভিলেখ ভংগ কৰে।

যোৱা ১৮ জুলাইত চিত্রগৃহত মুক্তি লাভ কৰা ‘ছাইয়াৰা’ই ১৩ দিনত দেশৰ বক্স অফিচত মুঠ ২৭৮.৭৫ কোটি টকাৰ ব্যৱসায় কৰিছিল। ১৪ সংখ্যক দিনত কালি ছবিখনে পুনৰ ২.৪৭ কোটি টকা উপার্জনৰে মুঠ ২৮১.২২ কোটি টকাৰ ব্যৱসায় কৰিলে।

২০১৯ত মুক্তি লাভ কৰা ‘কবিৰ সিং’ ছবিখনে ৰোমাণ্টিক ছবি হিচাপে বলিউডত সর্বকালৰ সৰ্বাধিক ২৭৮.৮ কোটি টকাৰ ব্যৱসায় দেশৰ চিত্ৰগৃহত কৰিছিল।

এইখন ছবিৰ বিশ্বজুৰি ব্যৱসায়ৰ পৰিমাণ আছিল ৩৭৭ কোটি – টকা। ‘ছাইয়াৰা’ই বিশ্বজুৰি ১২ দিনত ৪১৩.৭৫ কোটি টকাৰ ব্যৱসায় কৰিলে।

উল্লেখ্য যে ‘ছাইয়াৰ’ত অভিনয় কৰিছে দুই নবাগত অহান পাণ্ডে আৰু অনিত পড়াই। ‘ছাইয়াৰা’ৰ নিৰ্মাণ ব্যয় হৈছে ৬০ কোটি টকা।

Exit mobile version