Donald Trump: ✒️ভাৰতৰ পৰা আমেৰিকালৈ ৰপ্তানি কৰা সামগ্ৰীত ২৫ শতাংশ শুল্ক আৰু অনির্দিষ্ট জৰিমনা আৰোপৰ পাছতে পাকিস্তানৰ স’তে বাণিজ্য চুক্তি সম্পন্ন কৰিলে মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে।
ট্রাম্পে সামাজিক মাধ্যমত সদৰী কৰা অনুসৰি পাকিস্তানত থকা বিশাল তৈল ভাণ্ডাৰৰ উন্নয়নৰ বাবে ৱাশিংটন আৰু ইছলামাবাদে একেলগে কাম কৰিব। একে সময়তে পাকিস্তানে কেতিয়াবা ভাৰতকো তেল বিক্ৰী কৰিব পাৰে বুলি ভৱিষ্যদ্বাণী কৰিলে ট্রাম্পে।
সামাজিক মাধ্যম ‘ট্রুথ ছ’চিয়েল’ত ট্রাম্পে লিখিছে, ‘আমি এই মাত্র পাকিস্তানৰ স’তে এখন চুক্তি সম্পন্ন কৰিলো। চুক্তি অনুসৰি সেই দেশৰ বিশাল তৈল ভাণ্ডাৰৰ উন্নয়নত পাকিস্তান আৰু আমেৰিকাই যৌথভাৱে কাম কৰিব।’
একে সময়তে ভৱিষ্যৎ সম্ভাৱনাৰ কথাও প্রকাশ কৰি মার্কিন ৰাষ্ট্ৰপতিয়ে কয়, ‘কোনে জানে, হয়তো পাকিস্তানে এদিন ভাৰতত তেল বিক্ৰী কৰিব!’ ট্রাম্পে সদৰী কৰে যে দুই দেশৰ বুজাবুজিত কোনটো তেল উৎপাদনকাৰী সংস্থাই নেতৃত্ব দিব সেয়া তেওঁৰ প্ৰশাসনে ঠিক কৰিব।
ভাৰতীয় সময় অনুসৰি বুধবাৰে বিয়লি ট্রাম্পে ভাৰতৰ ওপৰত শুল্ক আৰোপৰ কথা ঘোষণা কৰে। সামাজিক মাধ্যমৰ প’ষ্টৰ জৰিয়তে কৰা ঘোষণাত ট্রাম্পে ভাৰতক বন্ধু ৰাষ্ট্ৰ বুলি উল্লেখ কৰিলেও নতুন দিল্লীয়ে উচ্চহাৰৰ শুল্ক আদায় কৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁৰ এই অভিযোগ অৱশ্যে নতুন নহয়।
ইয়াৰ পূৰ্বেও বাৰম্বাৰ ভাৰত-আমেৰিকাৰ বাণিজ্যৰ প্ৰসংগত তেওঁ এই মন্তব্য কৰিছে। এইবাৰ ট্রাম্পে ৰাছিয়াৰ স’তে ভাৰতৰ বাণিজ্যিক সম্পর্কক লৈও তীব্র সন্তুষ্টি প্রকাশ কৰে।
অৱশ্যে ট্রাম্পে শুল্ক আৰোপ কৰাৰ পাছত ভাৰতৰ বাণিজ্যিক মন্ত্রণালয়ে এক বিবৃতিত প্রকাশ কৰে যে দেশৰ স্বাৰ্থ সুৰক্ষিত ৰাখিবলৈ ভাৰত চৰকাৰে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্রহণ কৰিব। দুই দেশ উপকৃত হ’ব পৰাকৈ এক বাণিজ্য চুক্তিৰ বাবে বিগত কে’বামাহ ধৰি আমেৰিকাৰ স’তে আলোচনা কৰি থকা বুলি বিবৃতিত উল্লেখ কৰা হৈছে।
ট্রাম্পেও ভাৰতৰ স’তে এই আলোচনাৰ বিষয়ে বুধবাৰে সদৰী কৰি কয়, ‘ভাৰতৰ স’তে আলোচনা হৈ আছে। চলিত সপ্তাহৰ শেষত বিষয়টো বহু পৰিমাণে স্পষ্ট হ’ব।’ ‘আমেৰিকা বিৰোধী’ ব্রিক্ছ ৰাষ্ট্ৰসমূহৰ সদস্য হোৱাৰ বাবেও ভাৰতৰ ওপৰত তেওঁ অসন্তুষ্ট বুলিও কয়।
পাকিস্তানে আমেৰিকাৰ পৰা লাভ কৰিব পেট্ৰ’ ডলাৰ
পাকিস্তানৰ স’তে ট্রাম্পে চুক্তি সম্পন্ন কৰাৰ পাছত প্রশ্ন উঠিছে যে পাকিস্তানত কিমান তেল সঞ্চিত আছে। পৰিসংখ্যা প্রদানকাৰী ৱেবছাইটত বাল্ডোমিটাৰৰ মতে ২০১৬ত উপলব্ধ তথ্য অনুসৰি, পাকিস্তানত ৩৫ কোটি ৩৫ লাখ বেৰেল খনিজ তেল আছে। সঞ্চিত তেলৰ পৰিমাণৰ নিৰিখত বিশ্বৰ ভিতৰত পাকিস্তান ৫২ সংখ্যক স্থানত আছে।
পৃথিৱীত যিমান তেল সঞ্চিত আছে তাৰ ০.০২১ শতাংশ আছে পাকিস্তানত। ৰাষ্ট্ৰখনত প্রতিদিনে পাঁচ লাখ ৫৬ হেজাৰ বেৰেল তেল ব্যয় হয়। আনহাতে, প্রতিদিনে ৮৮ হেজাৰ ২২৬ বেৰেল তেল উৎপাদন হয়। পাকিস্তানে যদি তেল আমদানি নকৰে, তেন্তে মজুত থকা তেলৰে ৰাষ্ট্ৰখনৰ দুবছৰৰ প্ৰয়োজন পূৰণ হ’ব। মার্কিন আন্তর্জাতিক বাণিজ্য প্রশাসনৰ ২০২১ৰ প্ৰতিবেদনত উল্লেখ যে ৰাষ্ট্ৰখনৰ মুঠ চাহিদাৰ ২০ শতাংশ চাহিদা পূৰণ কৰে সঞ্চিত খনিজ তেলে।
বাকী ৮০ শতাংশ তেল আমদানি কৰিব লাগে। এমাহ পূর্বে পাকিস্তানৰ চৰকাৰী তেল আৰু গেছ উন্নয়ন সংস্থাই সিন্ধ প্রদেশত খনিজ তেল আৰু গেছৰ ভাণ্ডাৰৰ সন্ধান লাভ কৰে। বিগত এবছৰত পাকিস্তানৰ পঞ্জাব প্রদেশ আৰু খাইবাৰ পাখটুনখোৱাত তেল আৰু গেছৰ ভাণ্ডাৰৰ সন্ধান লাভ কৰিছে অ’জিডিএছএলে।
তিনি বছৰ সমীক্ষা কৰাৰ পাছত ২০২৪ৰ ছেপ্টেম্বৰত পাকিস্তানত এই বিশাল ভাণ্ডাৰৰ তথ্যও উদ্ধাৰ হয়। একাংশ সমীক্ষা অনুসৰি, পাকিস্তানত যি পৰিমাণৰ সঞ্চিত তেল আৰু গেছৰ সন্ধান লাভ কৰা হৈছে সেয়া কম নহয়। পৃথিৱীৰ ভিতৰত সৰ্বাধিক খনিজ তেলৰ ভাণ্ডাৰ থকা দেশ কেইখন হ’ল ভেনিজুবেলা, ছৌদি আৰব আৰু ইৰান। কিছুমান সমীক্ষাৰ দাবী অনুসৰি, এই তিনিখন দেশৰ পাছত চতুর্থ স্থান পাকিস্তানে লাভ কৰিব পাৰে।
অৱশ্যে ইয়াৰ সপক্ষে কোনো প্রমাণ নাই। কোনো বাণিজ্যক তেল অন্বেষণকাৰী সংস্থাই এই বিষয়ে মুখ খোলা নাই। বিশেষজ্ঞসকল একাংশৰ মতে, পাকিস্তানৰ তেল অন্বেষণক লৈ কোনো বিশেষ পৰিকল্পনা নাই। সেয়ে সমস্যাৰ সৃষ্টি হ’ব পাৰে। এই তৈল ভাণ্ডাৰক কামত ব্যৱহাৰ কৰাৰ বাবে পাঁচশ কোটি ডলাৰ ব্যয় হ’ব পাৰে। ভাৰতীয় মুদ্রাত এই পৰিমাণ হ’ব প্রায় হেজাৰ কোটি টকা।
