স্বৰ্ণ পদকেৰে টাইকোৱানডোত খোৱাঙৰ দুই ছাত্ৰ-ছাত্ৰীৰ সাফল্য

খোৱাং চাৰিআলিত দুই ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

IMG 20250801 WA0003

 

Taekwondo:✒️বোকাখাটত অলপতে অনুষ্ঠিত হৈ যোৱা চাব জুনিয়ৰ টাইকোৱানডো প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড় জিলা খোৱাঙৰ দুই ছাত্ৰ-ছাত্ৰীয়ে ।

চাব জুনিয়ৰ ছোৱালী ২০ কেজি অনুৰ্ধ শাখাত খোৱাং চাৰিআলিৰ আয়ুশ্ৰী কোঁ‌ৱৰ আৰু চাব জুনিয়ৰ ল’ৰাৰ ২৭ কেজি অনুৰ্ধ শাখাত অনুৰাগ দিহিঙীয়াই স্বৰ্ণ পদক লাভ কৰে ।

একেটা অঞ্চলৰে দুই ছাত্ৰ-ছাত্ৰীৰ সাফল্যত আনন্দিত হৈ পৰিছে খোৱাংবাসী । দুয়োগৰাকীকে খোৱাং চাৰিআলি ব্যৱসায়ী সন্থা আৰু টাইপা খোৱাং আঞ্চলিকে বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে ।

টাইপা কেন্দ্ৰীয় সমিতি সহকাৰী সাধাৰণ সম্পাদক গিৰিন বৰগোঁহাই, মৰাণ মহকুমা সমিতি সহকাৰী সাধাৰণ সম্পাদক অভিজিত বেজবৰুৱা আৰু নিপম দিহিঙীয়াৰ সহিতে খোৱাং চাৰিআলি ব্যৱসায় সস্থাৰ সভাপতি আৰু সম্পাদকে ছাত্ৰ-ছাত্ৰী দুগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে ।

 

 

Exit mobile version