Cm Pressmeet In Loksewa Bhawan:বৰঝাৰত ৪০০-৫০০ বিঘা মাটি অধিগ্ৰহণ কৰিব বিচৰা হৈছে,যাতে আদানীয়ে কিনিব নোৱাৰে:মুখ্যমন্ত্ৰী

৮ ছেপ্টেম্বৰত অসমলৈ প্ৰধানমন্ত্ৰী আৰু ২৯ আগষ্টত গৃহমন্ত্ৰী অমিত শ্বাহ

cm ooo

Cm Pressmeet In Loksewa Bhawan:

মহানগৰী দিছপুৰস্থ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল সম্বোধন ৷ সংবাদমেলত মুখ্যমন্ত্ৰীয়ে অৰুনোদয় আঁচনিৰ সন্দৰ্ভত কেতবোৰ বিষয় সদৰি কৰি কয়,অৰুণোদয় আঁচনি আৰম্ভ হৈছিল ২০১৯ চনত। অৰুণোদয়ৰ দ্বিতীয় সংস্কৰণত আছিল ২৮ লাখ পৰিয়াল।

১৭ ছেপ্তেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হ’ব অৰুনোদয় তৃতীয় সংস্কৰণ । পৰীক্ষামূলকভাৱে আৰম্ভ হ’বলগীয়া আঁচনিৰ জৰিয়তে ৰন্ধনগেছ ক্ৰয় কৰিব বিচৰা হিতাধিকাৰীক অনুদান হিচাপে দিয়া হ’ব ২৫০ টকাকৈ ৷ যোৱা ছমাহদিন ধৰি চলি আছে অৰুণোদয়ৰ তৃতীয় সংস্কৰণৰ প্ৰক্ৰিয়া।

আনহাতে উচ্ছেদক লৈ উৰাবাতৰি ওলাই থকা সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কয়, উচ্ছেদক লৈ এটা চক্ৰই মানুহক বিপথে পৰিচালিত কৰি আছে ৷ যিসকলে উৰাবাতৰি বিয়পাই আছে ৷ তেওঁলোক এনে কামৰ পৰা বিৰত থাকক ৷ খিলঞ্জীয়া মানুহক উচ্ছেদ কৰা নহয় বুলি পুনৰ স্পষ্ট কৰি কয় যে উচ্ছেদিত ভূমিত শনিবাৰৰ আৰম্ভ হ’ব ব্যাপক গছপুলি ৰোপন কাৰ্যসূচী ৷

বৰঝাৰত ভূমি অধিগ্ৰহণ সম্পৰ্কীয় সাংবাদিকে সোধা এক প্ৰশ্নোত্তৰত মুখ্যমন্ত্ৰীয়ে কয় ,বৰঝাৰত
৪০০-৫০০ বিঘা মাটি অধিগ্ৰহণ কৰিব বিচৰা হৈছে ৷ কিয়নো ভৱিষ্যতে এই মাটি আদানীয়ে যাতে কিনিব নোৱাৰে ৷

শেহতীয়াকৈ হোৱাইনোহোৱাই প্ৰতিটো কথাতে আদানী-আম্বানীক সাঙৰি কিছুমান বিভ্ৰান্তিমূলক বাতৰি প্ৰচাৰ মাধ্যমত প্ৰচাৰ হৈ আছে ৷ এনে হ’ব নালাগে ৷ আদানী-আম্বানী আহিলে ভালে পাব লাগে কিয়নো তেওঁলোকে অসমত গঢ়িব বিচৰা উদ্যোগ সমূহত অসমৰ নিবনুৱাই অগ্ৰাধিকাৰ পাব ৷ এনে পদক্ষেপৰ মই শলাগ ল’ম ৷

আনহাতে অসমৰ বহু ডাঙৰ ডাঙৰ ব্যৱসায়ীয়ে মাটি ক্রয় কৰি ৰাখিছে আৰু ভৱিষ্যতে সেই মাটি আদানীক বিক্ৰী কৰি দিব বহু দামত ৷ এনে এক পৰিবেশ নহাৰ বাবেই চৰকাৰে কেতবোৰ ওদ্যোগিকৰণৰ উপযোগী ভূমি চৰকাৰে অধিগ্ৰহণৰ বাবে আগবাঢ়িছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

ইএছটিএমৰ স্বতাধিকাৰ মুহবুবুল হকৰ নাম নন্দিনী কাশ্যপ কাণ্ডৰ স’তে সাঙোৰ খোৱাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া কি বুলি সাংবাদিককে সোধা এক প্ৰশ্নোত্তৰৰ মুখ্যমন্ত্ৰীয়ে কয়,এই বিতৰ্কিত ব্যক্তিজন যিকোনো বিষয়তে মাত মাতে বা সাঙোৰ খাই পৰে ৷ অসম- মেঘালয় সীমান্তৱৰ্তীৰ এখন সংৰক্ষিত বনাঞ্চল বেদখল কৰিছে ইউএচটিএমে ৷ কাৰ্যত: ইউএচটিএম শিক্ষানুষ্ঠান নহয়, শিক্ষাৰ নামত ব্যৱসায়হে কৰিছে ৷ শিক্ষানুষ্ঠানৰ খন কিমান দিনলৈ স্থায়ীত্ব তাৰ সন্দেহ আছে বুলি তিৰ্যক মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে

আন এক প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, ২৯ আগষ্টত অসমলৈ আহিব গৃহমন্ত্রী অমিত শ্বাহ ৷ মন্ত্ৰী গৰাকীয়ে উদঘাটন কৰিব অসমৰ ৰাজ্যপালৰ নতুন ৰাজভৱনটো ৷ আনহাতে ৮ ছেপ্টেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে নুমলীগড় শোধনাগাৰত বায় ‘ৰিফাইনেৰী ইথানল দ্বিতীয় সংস্কৰণ উন্মোচন কৰিব ৷

দেশৰ প্ৰধানমন্ত্ৰী মোদীৰ ওপজাদিন ছেপ্টেম্বৰত ৷ তেওঁৰ জন্মদিনৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰে ৰাজ্যৰ ৪০ লাখ পৰিয়ালৰ হাতত তুলি দিব ৰামায়ণ আৰু মহাভাৰত I সংবাদমেলত আন কে’বাটাও বিষয় সদৰি কৰে মুখ্যমন্ত্ৰীয়ে ৷

Exit mobile version