চীনৰ স’তে আঠ বছৰীয়া উত্তেজনাৰ অন্তত অৱশেষত পৰ্যটকৰ বাবে মুকলি কৰা হৈছে ছিকিমৰ ডকলাম !

1754131257 doklam

Doklam:✒️পৰ্যটকৰ বাবে মুকলি কৰা হৈছে ডকলাম মালভূমি। ভাৰতৰ ছিকিম, ভূটান আৰু চীনৰ কিছু অংশৰে মিলি তৈয়াৰ হৈছে ডকলাম মালভূমি। ২০১৭ চনত চীনে ভূটানৰ অন্তৰ্গত মালভূমিৰ এটা অংশত পথ নিৰ্মাণৰ চেষ্টা চলাইছিল। ভাৰতে আপত্তি কৰাত উত্তেজনা বিয়পি পৰে।

ঘটনাটোৰ আঠ বছৰৰ পাছত পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছে ডকলামৰ ভাৰতীয় অংশ ।

ছিকিমৰ অতিৰিক্ত মুখ্য সচিব চি সুভাকৰ ৰাও ৰাজ্যৰ পৰ্যটন আৰু অসামৰিক বিমান পৰিবহণ বিভাগৰ দায়িত্বত আছে।

সম্প্ৰতি তেওঁ সংবাদমাধ্যমৰ আগত কয়,”অহা ছেপ্টেম্বৰ মাহত ছিকিমত পৰ্যটনৰ বতৰ আৰম্ভ হ’লে আমি পৰ্যটকৰ বাবে ডকলাম মুকলি কৰাৰ প্ৰস্তুতি চলাইছো। দেশৰ যুদ্ধক্ষেত্ৰ পৰ্যটনৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ে চিনাক্ত কৰা ছিকিমৰ তিনিটা স্থানৰ ভিতৰত ডকলাম অন্যতম।”

ইয়াৰ বাহিৰে বাকী দুটা পৰ্যটনস্থলীৰ ভিতৰত আছে নাথু লা আৰু চো লা ।১৯৬৭ চনৰ ছেপ্টেম্বৰৰ পৰা অক্টোবৰলৈকে এই দুই স্থানত চীনা সেনাই ভাৰতীয় সেনাবাহিনীৰ স’তে সংঘৰ্ষত হয়।ইয়াৰে ইতিমধ্যে নাথু লা ছিকিমৰ অন্যতম জনপ্ৰিয় পৰ্যটনস্থলী।

এইবাৰ চো লা আৰু ডকলামক পৰ্যটকৰ বাবে সাজু কৰা হৈছে। ছিকিমৰ অতিৰিক্ত মুখ্য সচিবগৰাকীয়ে জনাইছে যে, এই অঞ্চলসমূহত পৰ্যটকৰ বাবে কেফেটেৰিয়া, জিৰণি কক্ষ, পাৰ্কিং এলেকা আৰু অন্যান্য সা-সুবিধাৰ ব্যৱস্থা কৰা হৈছে।

Exit mobile version