মহাৰাষ্ট্ৰ আৰক্ষী-ইডিৰ নাম লৈ সৰ্বহাৰা কৰিলে অৱসৰপ্ৰাপ্ত বিজ্ঞানীক

1013231 cyber crime

ED: ✒️স্বয়ং প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়েও ফোনকল, হোৱাটছএপ আদিৰ জৰিয়তে আইন বলৱৎকাৰী সংস্থাৰ নামত গ্ৰেপ্তাৰৰ ভাবুকি আহিলে বিতত নহৈ আৰক্ষীৰ দ্বাৰস্থ হ’বলৈ দেশবাসীক আহ্বান জনোৱাৰ পাছতো ‘ডিজিটেল এৰেষ্ট’ অপৰাধী চক্ৰৰ ফান্দত ভৰি দি এজন অৱসৰপ্ৰাপ্ত বিজ্ঞানীয়ে এক কোটিৰো অধিক টকা হেৰুওৱাৰ তথ্য পোহৰলৈ আহিছে।

অৱসৰপ্ৰাপ্ত বিজ্ঞানীজনৰ পৰা এই বৃহৎ ৰাশিৰ ধন সৰকাই নিয়া চক্ৰৰ স’তে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে এজন বেংক বিষয়াসহ তিনিজন লোকক গ্রেপ্তাৰো কৰিছে। আৰক্ষী সূত্ৰই জনোৱা মতে, চাপৰ আৰক্ষী থানাৰ অন্তৰ্গত চাপৰৰ নিবাসী তথা বতৰ বিজ্ঞান কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত বতৰ বিজ্ঞানী নির্মল দাসলৈ মহাৰাষ্ট্ৰৰ নাছিক আৰক্ষীৰ অপৰাধ শাখাৰ নামত ফোনকল আহে। নাছিক আৰক্ষী থানাত দাসৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱা বুলি ভয় দেখুৱায় প্রবঞ্চক চক্রই।

পাছত কেন্দ্রীয় বিত্ত মন্ত্রণালয়ৰ অধীনৰ তদন্তকাৰী সংস্থা ইডিৰ নাম লৈও প্রবঞ্চক চক্রই জ্যেষ্ঠ নাগৰিকজনলৈ ফোন কৰে। এনেদৰে গোচৰৰ ভয় দেখুৱাই অপৰাধী চক্ৰই তেওঁৰ পৰা প্রায় পাঁচ মাহৰ ব্যৱধানত এক কোটি ৭০ লাখ ৩৯ হেজাৰ ৪৪৪ টকা সৰকাই নিয়ে।

এই সম্পৰ্কত ভুক্তভোগীজনে জনোৱা মতে, প্রবঞ্চক চক্রই তেওঁক ফোন কৰি জনায় যে তেওঁৰ বিৰুদ্ধে নাছিক আৰক্ষী থানাত গোচৰ ৰুজু হৈ আছে। তদুপৰি উচ্চতম ন্যায়ালয়তো তেওঁৰ বিৰুদ্ধে অবৈধভাবে ধন সৰবৰাহৰ অভিযোগত গোচৰ ৰুজু হোৱা বুলিও চক্রটোরে ভয় দেখুৱায়।

পৰৱৰ্তী সময়ত চক্রটোরে দাসক ফোনত জনায় যে উচ্চতম ন্যায়ালয়ত তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰটো তদন্তৰ বাবে ইডিলৈ হস্তান্তৰ হৈছে। তাৰ কিছুদিন পাছত নিজকে ইডিৰ বিষয়া বুলি পৰিচয় দিয়া প্রবঞ্চক চক্ৰটোৰ এজনে অনুসন্ধান সম্পূর্ণ নোহোৱালৈকে দাসৰ বেংক একাউণ্টত থকা এটা একাউন্টলৈ হস্তান্তৰ কৰিবলৈ পৰামৰ্শ দিয়ে।

প্রবঞ্চকজনে যিটো একাউন্টলৈ দাসক ধন হস্তান্তৰ কৰিবলৈ পৰামৰ্শ দিয়ে, সেই একাউন্টটো ইডিৰ বুলি তেওঁক আভুৱা ভাঁৰে। হস্তান্তৰিত ধন পুনৰ দাসক ওভতাই দিয়াৰ প্রতিশ্রুতিও দিয়ে প্রবঞ্চকে। এই প্রবঞ্চকৰ আজ্ঞা মতে দাসে যোৱা ২১ জানুৱাৰীৰ পৰা ন মে’লৈ ১৯ টা কিস্তিত মুঠ এক কোটি ৭০ লাখ ৩৯ হেজাৰ ৪৪৪ টকা হস্তান্তৰ কৰে।

আনহাতে, এই ধনৰ অন্তিম কিস্তি হস্তান্তৰ কৰাৰ তিনিদিন উকলি যোৱাৰ পাছতো তেওঁৰ একাউন্টলৈ ধনৰাশি ওভতি নহাত চিন্তাত পৰে দাস। দাসে জনোৱা মতে, তেওঁ যোৱা জানুৱাৰীৰ পৰা জুলাইলৈকে প্রতিদিনে পুৱা আৰু সন্ধিয়া হোৱাটছএপযোগে প্রবঞ্চক চক্রটোলৈ ভিডিঅ’ প্ৰেৰণ কৰি ‘হাজিৰা’ও দিব লগা হৈছিল।

অপৰাধী চক্ৰটোৱে দাসৰ একাউন্টটোৰ সমুদায় ধন হস্তগত কৰাৰ পাছত তেওঁক কোন বুলি প্রশ্ন কৰি যোগাযোগ বন্ধ কৰি দিয়ে। তেতিয়াহে তেওঁৰ মনত সন্দেহ ঘনীভূত হয় যে তেওঁ চাইবাৰ অপৰাধী চক্ৰৰ কবলত পৰিছে। সেই মর্মে তেওঁ যোৱা ১৬ জুলাইত চাপৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

তেওঁৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ১১৯/২৫ নম্বৰত এটা গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰে। আৰক্ষীৰ তদন্তত বন্ধন বেংকৰ ধুবুৰীৰ এটা শাখাৰ একাউণ্টৰ দ্বাৰা উক্ত ধনৰাশিৰ এটা অংশ লেনদেন হোৱাৰ তথ্য উদ্ধাৰ হয়। ইয়াৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে উক্ত বন্ধন বেংক শাখাৰ প্ৰবন্ধক দীপ্ত কুমাৰ দাস (৪৬) সহ তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীয়ে সন্দেহ কৰা অনুসৰি, এই তিনিজনো প্রাক্তন বিজ্ঞানীজনৰ ধন সৰকাই নিয়া অপৰাধী চক্ৰটোৰ স’তে জড়িত আছে। ধৃত তিনিজনৰ আন দুজনক ফকিৰগঞ্জৰ হাফিজুৰ ৰহমান (৪১) আৰু জালাল উদ্দিন জোদ্দাৰ (৩৮) বুলি চিনাক্ত কৰা হৈছে। সম্প্ৰতি আৰক্ষীয়ে তিনিওকে জেৰা কৰি আছে। ধৃত বেংক বিষয়া দাসৰ ঘৰ গুৱাহাটীৰ ছয়মাইলত বুলি আৰক্ষী সূত্রই জনায়।

Exit mobile version