Rajya Sabha:✒️সংসদৰ চলিত বর্ষাকালীন অধিবেশনত ৰাজ্যসভাত অধ্যক্ষৰ সন্মুখত প্রতিবাদ সাব্যস্ত কৰাত বাধাৰ সন্মুখীন হোৱা বুলি অভিযোগ কৰিছে বিৰোধীয়ে। তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ নেতা ডেৰেক অ’ব্রায়েনে অভিযোগ কৰা অনুসৰি নিৰাপত্তা বাহিনীক ব্যৱহাৰ কৰি বিৰোধী সাংসদক এনেদৰে বাধাপ্রদান কৰাটো নজিৰবিহীন ঘটনা।
একে অভিযোগ উত্থাপন কৰি ৰাজ্যসভাৰ উপাধ্যক্ষ হৰিবংশলৈ পত্ৰ প্ৰেৰণ কৰিছে কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকার্জুন খার্গেই। কালি সামাজিক মাধ্যম এক্সত এটা প’ষ্টত ডেৰেকে লিখিছে, ‘মার্শালে (অথবা চিআইএফএছ কর্মী) পূৰ্বৰেই পৰা ৱেলত বেৰিকেড সাজিছিল। তৃণমূল, ডিএমকে আৰু আপ সাংসদক বেলত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ল। ইয়াৰ পূর্বে কেতিয়াও এনে ঘটনা দেখা নাই।’
কংগ্রেছে অভিযোগ কৰে যে কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী (চিআইএছএফ) য়ে ৰাজ্যসভাত আজি বিৰোধীৰ প্ৰতিবাদকালত বাধা দিয়ে। এইদৰে অর্ধসামৰিক বাহিনীয়ে সদনৰ ভিতৰত বাধা দিয়াতো এটি অভাৱনীয় আৰু নজিৰবিহীন ঘটনা বুলি কংগ্রেছে অভিযোগ কৰে।
খাগেই উপাধ্যক্ষলৈ প্ৰেৰণ কৰা পত্ৰখনত এই ঘটনাক অতি আপত্তিজনক বুলি গৰিহণা দিছে আৰু এনে কোনো ধৰণৰ নিৰাপত্তাৰক্ষীয়ে যাতে ৰাজহুৱা স্বাৰ্থত বিৰোধীয়ে সদনত বিষয়বস্তু উত্থাপন কৰাৰ সময়ত প্ৰৱেশ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আবেদন জনায়।
ভৱিষ্যতে এনে ঘটনা প্ৰতিৰোধ কৰিবলৈ দাবী জনাই খার্গে কয়, ‘আমি হতচকিত আৰু আচৰিত হৈছো যে সদস্যসকলে সদনত প্ৰতিবাদৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰাৰ সময়ত ৱেললৈ চিআইএছএফৰ জোৱান দৌৰি আহে। কালিও আমি এই ঘটনা দেখিছিলো আৰু আজিও দেখিলো। আমাৰ সংসদক এনে পর্যায়লৈ অৱনমিত কৰা হৈছে নেকি। ই অতি আপত্তিজনক আৰু এই ঘটনাক আমি তীব্ৰ গৰিহণা দিছো।’
তদুপৰি তেওঁ লিখিছে, ‘আমি আশা কৰো যে ভৱিষ্যতে সদনৰ সদস্যসকলে গুৰুত্বপূৰ্ণ ৰাজহুৱা বিষয় উত্থাপন কৰাৰ সময়ত যাতে চিআইএছএফৰ কৰ্মী ৱেললৈ দৌৰি নাহে। ‘জ্যেষ্ঠ কংগ্রেছ নেতা জয়ৰাম ৰমেশে এই কাৰ্যক জগদ্বীপ ধনখড়ৰ আকস্মিক পদত্যাগৰ পাছত নিৰাপত্তা বাহিনীয়ে ক্ষমতা অধিগ্রহণ কৰা বুলি কয়। পত্ৰখন সামাজিক মাধ্যমত প্রকাশ কৰি ৰমেশে লিখিছে, ‘ৰাজ্যসভাৰ অধ্যক্ষৰ আকস্মিক আৰু নজিৰবিহীন পদত্যাগৰ পাছত আমি দেখিবলৈ পাইছো যে চিআইএছএফৰ কৰ্মীয়ে ৰাজ্যসভা অধিগ্রহণ কৰিলে। ৰাজ্যসভাৰ বিৰোধী দলপতিয়ে উপাধ্যক্ষলৈ এই নজিৰবিহীন ঘটনাৰ বাবে পত্ৰ প্ৰেৰণ কৰিছে।’
অৱশ্যে সংসদীয় পৰিক্ৰমা মন্ত্রী কিৰেণ ৰিজিজুৱে বিৰোধীৰ প্ৰতিবাদ অৱৰুদ্ধ কৰা বুলি কংগ্ৰেছৰ অভিযোগ নস্যাৎ কৰি কয় যে কাকো বাধা দিয়া হোৱা নাই আৰু ৰাজ্যসভাত কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্রহণ কৰা হৈছে। তেওঁ কয়, ‘ৰাজ্যসভাতো কঠোৰ নিৰাপত্তা ব্যৱস্থা আছে, কোনো সাংসদক বাধা দিয়া হোৱা নাই। আমাক চিআইএছএফে এই কথা জনাইছে আৰু আমাক কোৱা হৈছে যে যদিহে কোনোবাই ৰাজ্যসভাৰ নিৰ্ধাৰিত সীমা অতিক্রম কৰে তেন্তে যথোপযুক্ত ব্যৱস্থা লোৱা হ’ব।’
উল্লেখ্য যে সামগ্রিকভাৱে সংসদ ভৱনৰ নিৰাপত্তাৰ দায়িত্বত আছে চিআইএছএফ। অধিবেশন চলাকালীন সদনৰ পৰিস্থিতি অশান্ত হ’লে লোকসভা আৰু ৰাজ্যসভাত অধ্যক্ষৰ নিৰ্দেশত পৰিস্থিতি নিয়ন্ত্রণত মার্শালে হস্তক্ষেপ কৰে। বিগত বৰ্ষত ডিচেম্বৰত সংসদৰ শীতকালীন অধিবেশনৰ সময়ত বিৰোধীৰ ওপৰত বল প্রয়োগৰ অভিযোগ উঠিছিল চিআইএছএফৰ বিৰুদ্ধে।
সেই সময়ত সদনৰ বাহিৰত বিজেপি আৰু বিৰোধী সাংসদৰ মাজত হুলস্থুলীয়া পৰিৱেশত বাধা দিয়া হৈছিল বুলি চিআইএছএফে দাবী কৰিছিল। এইবাৰ পোনপটীয়াকৈ সদনৰ ভিতৰত প্ৰৱেশ কৰি বল প্রয়োগৰ অভিযোগ উত্থাপন হ’ল কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ বাহিনীৰ বিৰুদ্ধে।
বিহাৰত বিশেষ গভীৰ সমীক্ষাৰ খচৰা প্ৰস্তুত
আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিহাৰত ভোটাৰ তালিকাৰ বিশেষ গভীৰ সমীক্ষা (এছআইআৰ) ক লৈ ইতিমধ্যে কংগ্রেছ, তৃণমূল, চিপিএমসহ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ সহযোগী দলসমূহে বিৰোধিতা কৰিছে।
কালি এই সংশোধিত ভোটাৰ তালিকা প্রকাশ কৰা হয়। পৰিকল্পনা অনুসৰি বিজেপিৰ লাভালাভৰ বাবে বহু লক্ষ্য প্রকৃত ভোটাৰৰ নাম কৰ্তন কৰা বুলি অভিযোগ উত্থাপন হৈছে। এছআইআৰক লৈ অনিয়মৰ অভিযোগ উত্থাপন কৰি অহা সোমবাৰে নির্বাচন আয়োগৰ মুখ্য কাৰ্যালয় ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিছে বিৰোধী দলসমূহে।
বিহাৰৰ খচৰা ভোটাৰ তালিকা শুকুৰবাৰে দিনৰ তিনি বজাত ৱেবছাইটত প্রকাশ কৰা হয়। তাৰ পূৰ্বে বিৰোধীৰ প্ৰতিবাদৰ উত্তাপত সংসদৰ উভয় পক্ষ অশান্ত হৈ পৰে। খচৰা তালিকা আৰু বিহাৰৰ ভোটাৰ তালিকা সংশোধনৰ প্ৰক্ৰিয়াক লৈ বিশেষ আলোচনাৰ দাবীত লোকসভাৰ অধ্যক্ষক পত্ৰ প্ৰেৰণ কৰিছে বিৰোধী দলসমূহে।
ৰাজ্যসভাৰ উপাধ্যক্ষক একে দাবী উত্থাপন কৰিছে। আজি বিৰোধীৰ বিক্ষোভ আৰু ধাৰাবাহিক শ্ল’গানত ব্যাহত হয় সদনৰ কাম-কাজ। শেষ পর্যন্ত অধিবেশন স্থগিত ৰাখিবলগীয়া হয়।






























