উপত্যকাত চলা ‘অপাৰেচন আখাল’ত আৰু দুজন উগ্ৰপন্থী নিহত, গুৰুতৰভাৱে আহত এজন জোৱান

IMG 20250803 115310

Operation Akhal:✒️জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ স’তে হোৱা সংঘৰ্ষত আৰু দুজন উগ্ৰপন্থী নিহত। গুৰুতৰভাৱে আহত এজন জোৱান। দেওবাৰে সেনাৰ সূত্ৰই এই কথা জানিবলৈ দিয়ে।উল্লেখ্য যে, শুকুৰবাৰৰ পৰা কুলগামত আৰম্ভ হৈছে ‘অপাৰেচন আখাল’ ।

এই পৰ্যন্ত এই অভিযানত নিৰাপত্তা বাহিনীয়ে মুঠ পাঁচজন সন্ত্ৰাসবাদীক নিৰ্মূল কৰিছে।

উপত্যকাত সন্ত্ৰাসবাদীক নিৰ্মূলৰ বাবে অব্যাহত আছে এক বৃহৎ অভিযান। জম্মু-কাশ্মীৰ আৰক্ষী, সেনা আৰু চি আৰ পি এফে যৌথভাৱে অভিযান চলাইছে।

সেনা সূত্ৰ অনুসৰি, শনিবাৰৰ নিশা গোটেই আখাল বনাঞ্চলত বোমা আৰু গুলীৰ শব্দ শুনা যায়।

শুকুৰবাৰে নিৰাপত্তা বাহিনীয়ে চোৰাংচোৱাৰ সূত্ৰৰ জৰিয়তে সন্ত্ৰাসবাদীয়ে জংঘলত আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰে । ইয়াৰ পাছতে অপাৰেচন আৰম্ভ হয়।

সেনাৰ উপস্থিতি অনুভৱ কৰি উগ্ৰপন্থীয়ে গুলীচালনা আৰম্ভ কৰে। সেনাইও উত্তৰ দিয়ে। তাতে এজন সন্ত্ৰাসবাদী নিহত হয়। নিশাৰ ফালে তালাচী অভিযান বন্ধ কৰি দিয়া হয়।

শনিবাৰে পুৱাৰে পৰা সমগ্ৰ কুলগামত সেনাই পুনৰ তালাচী অভিযান আৰম্ভ কৰে। প্ৰসংগক্ৰমে যোৱা সোমবাৰে শ্ৰীনগৰৰ ডাচিগ্ৰামৰ বনাঞ্চলত ‘অপাৰেচন মহাদেৱ’ত তাছুলেমান ওৰফে আছিফ, জিব্ৰান আৰু হামজা আফগানী নিহত হয়।

ইয়াৰ ভিতৰত আছিফক পহলগাম আক্ৰমণৰ মাষ্টাৰমাইণ্ড বুলি কোৱা হয়। যোৱা বছৰ সোণমাৰ্গ সুৰংগ আক্ৰমণৰ স’তে জড়িত আছিল জিব্ৰাণ। যোৱা বৃহস্পতিবাৰে পুঞ্চ ছেক্টৰৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত নিৰাপত্তাৰক্ষীৰ গুলীচালনাত দুজন উগ্ৰপন্থী নিহত হয়।

Exit mobile version