ATM:✒️কেতিয়াবা এনেকুৱাও হয় যে আমাক নগদ ধন লাগে, কিন্তু আমি ঘৰত এটিএম কার্ডখন পাহৰি এৰি যাওঁ। যদি এতিয়া আপোনাৰ লগত এনেকুৱা হয়, তেন্তে হতাশ হোৱাৰ কোনো প্রয়োজন নাই।
প্রযুক্তি ইমানেই উন্নত হৈছে যে এতিয়া কার্ড অবিহনে এটিএমৰ পৰা ধন উলিয়াব পাৰিব। প্রয়োজন মাথোঁ আপোনাৰ ম’বাইল আৰু ইউপিআই এপ। কেনেকৈ টকা উলিয়াব পাৰি জানো আহক।
এই নতুন সুবিধা কি?
আজিকালি দেশৰ প্ৰায় সকলো বৃহৎ বেংক যেনে এছবিঅই, এইছডিএফচি, আইচিআইচিআই, পিএনবি, ইউচিঅ’ বেংক, এক্সিছ আদিয়ে গ্রাহকক কার্ড অবিহনে এটিএমৰ পৰা ধন উলিওৱাৰ সুবিধা প্রদান কৰি আহিছে। ইয়াৰ বাবে বেছিভাগ বেংকে ইউপিআই বা তেওঁলোকৰ ম’বাইল এপ যেনে YONO Imobile, Ucash আদি ব্যৱহাৰ কৰে।
এটিএম কার্ড অবিহনে কেনেকৈ এটিএমৰ পৰা টকা উলিয়াব?
প্রথমে এটিএমলৈ গৈ স্ক্রীণত ‘Cardless Cash Withdrawal বা UPL Cash With-drawal বা ‘YONO Cashৰ দৰে বিকল্প এটা নিৰ্বাচন কৰক।আপোনাৰ পৰ্দাত এটা কিউআৰ ক’ড বা ক’ড নম্বৰ দেখা যাব। আপোনাৰ ফোনত যিকোনো ইউপিআই এপ (যেনে Paytm, Phonepe, GPay. BHIM – ইত্যাদি) খুলি তাত ‘Scan & Pay ৰে সেই কিউআৰ ক’ড স্কেন কৰক। আপুনি উলিয়াব বিচৰা ধনৰাশি প্ৰৱেশ কৰক আৰু ইউপিআই পিনৰ স’তে লেনদেন নিশ্চিত – কৰক। কেইছেকেণ্ডমানৰ ভিতৰতে এটিএমৰ পৰা টকা ওলাব আৰু কার্ড দেখুৱাব নালাগে।
বিদ্রঃ এছবিআইৰ দৰে কিছুমান বেংকেও তেওঁলোকৰ YONO app ৰ পৰা 6-digit YONO – Cash code প্রদান কৰে, যিটো এটিএমত প্ৰৱেশ কৰি নিমিষতে ধন উলিয়াব পাৰে।
এইবোৰ কথাত বিশেষ গুৰুত্ব দিয়ক
আপোনাৰ স্মার্টফোনত এটা ইউপিআই এপ থাকিব লাগে।
সেই বেংক শাখা বা এটিএমত কার্ডবিহীন ইউপিআই উলিওৱাৰ সুবিধা থাকিব লাগে।
এদিনত উলিওৱাৰ সীমা বেংকভেদে বেলেগ বেলেগ হ’ব পাৰে।
এই পদ্ধতিৰ সুবিধা ঘৰত কাৰ্ড হেৰাই গ’লেও বা পাহৰিলেও টকা উলিয়াব পাৰিব। কার্ড ক্ল’নিং বা স্কিমিঙৰ প্ৰৱঞ্চনাৰ কোনো আশংকা নাই।
বৃদ্ধ বা যুৱক-যুৱতীসকলৰ বাবেও এই পদ্ধতি অতি সহজ আৰু নিৰাপদ।
