World’s oldest baby:✒️বিজ্ঞানত যেন অসম্ভৱ বুলি একোৱেই নাই। সম্প্রতি পুনৰ এক প্রমাণ পোৱা গ’ল। বিজ্ঞানৰ বিস্ময়ে যেন আকৌ এবাৰ বিশ্বক চমক দিলে। আমেৰিকাৰ অ’হায়’ত জন্ম ল’লে এনে এটি শিশুৱে, যি প্রায় তিনিটা দশক ধৰি হিমনিদ্রাত শায়িত আছিল।
যোৱা ১৬ জুলাইত আমেৰিকাত এই বিৰল ঘটনাটো সংঘটিত হয়। সদ্যোজাত শিশুটিৰ নাম থাডিয়াছ ডেনিয়েল পিয়াছ। পৃথিৱীৰ ইতিহাসত যিমানবোৰ ব্যতিক্রমী শিশুৱে জন্ম লৈছে, সেই তালিকাৰ একেবাৰে ওপৰৰ ফালে থাকিব থাডিয়াছ।
চিকিৎসকে জনাইছে যে যিটো ভ্রূণৰ পৰা এই শিশুটিৰ জন্ম হৈছে, সেই ভ্রূণক ১৯৯৪ৰ পৰাই হিমায়িত কৰি ৰখা হৈছিল। অর্থাৎ দীর্ঘ ৩০ বছৰৰো অধিক কাল সেই ভ্রূণ হিমনিদ্রাত আছিল।
অৱশেষত সেই বৰফৰ মাজত সুপ্ত অৱস্থাত থকা ভ্রূণটোৱেই এতিয়া এটি জীৱন্ত শিশু।ঘটনাৰ সূত্রপাত হৈছিল ১৯৯০ৰ দশকত। লিন্ডা আর্চার্ড নামৰ এগৰাকী মহিলা ইন ভিট্রো ফার্টিলাইজেচন (আইভিএফ) পদ্ধতিৰে মাতৃ হয়।
সেই সময়ত তেওঁৰ গৰ্ভত প্রতিস্থাপন কৰা এটা ভ্রূণৰ পৰা এটি কন্যা সন্তানৰ জন্ম হৈছিল। উল্লেখ্য যে সচৰাচৰ এই পদ্ধতিত একাধিক ভ্রূণ সাজু কৰি ৰখা হয়। যাতে প্রয়োজনত সেইবোৰো ব্যৱহাৰ কৰিব পাৰি।
সেই সময়ত উক্ত অৱশিষ্ট ভ্রূণসমূহ ক্ৰায়’প্রিজার্ভেচন, অর্থাৎ তৰল নাইট্র’জেনত মাইনাছ ১৯৬ ডিগ্রী চেলছিয়াচ তাপমাত্রাত সংৰক্ষণ কৰি ৰখা হয়। দীর্ঘ তিনি দশক ধৰি সেই ভ্রূণখিনি সেইদৰেই সংৰক্ষিত কৰি ৰখা আছিল।
পৰৱৰ্তী সময়ত লিণ্ডাই তেওঁৰ বিবাহ বিচ্ছেদৰ পাছত সেই ভ্রূণবোৰৰ অধিকাৰ লাভ কৰে। মহিলাগৰাকীয়ে সিদ্ধান্ত লয় যে এই সংৰক্ষিত ভ্রূণখিনি তেওঁ দত্তকৰূপে এনে কোনো দম্পতীক দিব, যি সন্তান বিচাৰে যদিও সন্তানধাৰণত অক্ষম।
সেই ইচ্ছাৰ পৰাই তেওঁ বাছি লয় লিণ্ডছে আৰু টিম পিয়াছ দম্পতীক। পিয়াৰ্ছ দম্পতীয়ে ভালপোৱা আৰু যত্ন সহকাৰে সেই ভ্রূণৰ পৰা সন্তান জন্ম দিয়াৰ প্রতিশ্রুতি দিয়ে। ভবা মতেই কাম। চিকিৎসা বিজ্ঞানৰ অভূতপূৰ্ব কৰিশ্বাত সেই ১৯৯৪তে সংৰক্ষিত এটি ভ্রূণ সফলভাৱে প্রতিস্থাপন কৰা হয় লিণ্ডছেৰ গৰ্ভত।
প্ৰসৱ সামান্য জটিল তথা কঠিন আছিল যদিও সেই ভ্রূণৰ পৰাই জন্ম লয় এটি সুস্থ পুৰুষ শিশুৱে। এই সমগ্র প্ৰক্ৰিয়াটো তদাৰক কৰা নাম প্রকাশত অনিচ্ছুক চিকিৎসকে কয়, ‘প্রতিটো ভ্রূণৰে জীয়াই থকাৰ অধিকাৰ আছে। আমাৰ কাম হৈছে সেই সম্ভাৱনাক সত্য কৰি তোলা।’
চিকিৎসকজনৰ এই ভাবনা কেৱল চিকিৎসাৰ দৃষ্টিকোণৰ পৰাই নহয়, বৰঞ্চ মানবীয়তাৰ দিশৰ পৰাও আলোচিত হৈছে। এই ঘটনাত লিণ্ডাও অত্যত আনন্দিত। লিণ্ডাই জনাইছে যে নৱজাতক থাডিয়াছ দেখাত প্রায় তেওঁৰ কন্যাৰ দৰেই।
তেওঁৰ কন্যাৰ জন্ম হৈছিল ১৯৯৪৩। কন্যাৰ শৈশৱৰ ফটোৰ স’তে সদ্যোজাত শিশুটিৰ মুখ মিলাই চাই লিণ্ডাই কয়, ‘এনে লাগিছে যেন ইতিহাসৰে পুনৰাবৃত্তি ঘটিছে।’
সকলো মিলাই এই ঘটনা কেৱল এটি শিশুৰ জন্ম বৃত্তান্ত নহয়। ই আচলতে বিজ্ঞানৰ এক জয়। ৩০ বছৰ পুৰণি এটা ভ্রূণত সঞ্চিত জীৱনৰ সম্ভাৱনাক বাস্তৱৰ ৰূপ দিয়াৰ আখ্যান। চিকিৎসা বিজ্ঞানৰ অভাৱনীয় অগ্রগতি, মাতৃত্বৰ আকাংক্ষা আৰু মানৱিক সংবেদন, এই সকলোবোৰ মিলাই থাডিয়াছৰ জন্ম মানৱ সভ্যতাৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণৰূপে বিবেচিত হৈছে।






























