Nitin Gadkari:✒️কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ নাগপুৰ বাসগৃহত বোমাৰ আতংক। দেওবাৰে পুৱা আৰক্ষীয়ে লাভ কৰে এটা ভুৱা ফোন ।
বোমা বিস্ফোৰণত ৱাৰ্ডা ৰোডৰ কেন্দ্ৰীয় মন্ত্ৰীৰ ঘৰ উৰুৱাই দিয়া হ’ব বুলি ভাবুকি প্ৰদান কৰা হয়। ইয়াৰ পাছতে সমগ্ৰ চহৰখন আতংকিত হৈ পৰে।
আৰম্ভ হয় মন্ত্ৰীগৰাকীৰ ঘৰৰ লগতে ইয়াৰ আশে-পাশে থকা অঞ্চলত বোমাৰ সন্ধান ।
ডিচিপি ঋষিকেশ ৰেড্ডীয়ে জনোৱা মতে, পুৱা প্ৰায় ন বজাত নাগপুৰ আৰক্ষীৰ জৰুৰীকালীন হেল্পলাইন নম্বৰ ১১২ত এটা ফোন আহিছিল।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ঘৰত বোমা স্থাপন কৰা বুলি ফোনযোগে দাবী কৰে এজন অচিনাক্ত ব্যক্তিয়ে। ইয়াৰ পাছতে অতিৰিক্ত নিৰাপত্তাৰক্ষীক পলম নকৰাকৈ গডকাৰীৰ ঘৰলৈ প্ৰেৰণ কৰা হয়।
বোমা দলটোৱেও দ্ৰুততাৰে সেই স্থানত উপস্থিত হয়। যদিও শেষত একো পোৱা নগ’ল।ঘটনাটোত উৰো প্ৰতাপনগৰ থানাত ৰুজু হৈছে এক গোচৰ।
তদন্তৰ অন্তত উমেশ বিষ্ণু ৰাউত নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ৰাউত তুলসীবাগ ৰোডৰ বাসিন্দা। তেওঁ মেডিকেল চ’কৰ এখন সুৰাৰ দোকানত কাম কৰে।
ৰাউতেই মোবাইলৰ পৰা আৰক্ষীক ফোন কৰি কেন্দ্ৰীয় মন্ত্ৰীৰ ঘৰত বোমা ৰোপণ কৰা বুলি জনাইছিল। মন কৰিবলগীয়া যে সেইদিনা নিতিন নাগপুৰ চহৰত আছিল।






























