Mumbai:✒️বহু কর্মহীন তথা নিবনুৱা যুৱক-যুৱতীয়ে সংস্থাপনৰ বাবে হাহাকাৰ কৰি থকাৰ সময়তে মুম্বাইৰ এগৰাকী যুৱতী আইনজীৱীয়ে সামাজিক মাধ্যমত দিয়া এটা প’ষ্টে ব্যাপক চর্চা অৰ্জন কৰিছে। আয়ুসী দোশী নামৰ আইনজীৱীগৰাকীয়ে ‘এক্স’ত কয় যে তেওঁলোকৰ ঘৰত নিয়োজিত ৰান্ধনীগৰাকীয়ে প্রতিদিনে ৩০ মিনিটৰ ভিতৰত ৰন্ধা-বঢ়া শেষ কৰে।
ইয়াৰ বাবদ মাহিলি তেওঁ ১৮ হেজাৰকৈ টকা দৰমহা লয়। এইদৰে তেওঁ প্রতিদিনে ১০-১২ ঘৰত ৰন্ধা-বঢ়া কৰি মাহে এক লাখ ৮০ হেজাৰ টকাৰ পৰা দুই লাখ টকা আয় কৰে। অৰ্থাৎ ৰান্ধনীৰ কাম কৰিয়ে এই লোকজনে কৰ্প’ৰেট ক্ষেত্ৰৰ কর্মীতকৈও মাহিলি অধিক আয় কৰে।
অৱশ্যে আইনজীৱীগৰাকীৰ এই প’ষ্টক লৈ বহুতে সন্দেহ প্রকাশ কৰিছে। অৱশ্যে একাংশৰ মতে, মুম্বাইৰ দৰে চহৰত ৰন্ধন কর্মী বা গৃহকর্মীৰ বেতন এনে হাৰতে হয়। এই ক্ষেত্ৰত অস্বাভাৱিকতা নাই।
অৱশ্যে এজন ‘এক্স’ ব্যৱহাৰকাৰীয়ে কয়, ‘মাথোঁ ৩০ মিনিটৰ ভিতৰতে এজন লোকে কেনেদৰে ৰন্ধা-বঢ়া শেষ কৰিব পাৰে?’ একেদৰে আন এজনৰ প্ৰশ্ন হ’ল যে এজন মানুহে প্রতিদিনে কেনেদৰে ১০ ঘৰত ৰন্ধা-বঢ়া কৰিব পাৰে।
কাৰণ ৰন্ধা-বঢ়া কাম পাল মাৰি কৰা ৰান্ধনীক কামৰ পৰা বিদায় দিয়া লোকৰ অভাৱ নাই। অৱশ্যে এনে চৰ্চাৰ পূৰ্বে অধিবক্তাগৰাকীয়ে তেওঁৰ প’ষ্টত কয় ‘আমাৰ মহাৰাজে প্রতি ঘৰৰ পৰা ১৮ হেজাৰকৈ টকা দৰমহা লয়। সময় দিয়ে সর্বোচ্চ ৩০ মিনিট। সকলোতে বিনামূল্যে চাহ-ভাত খাবলৈ পায়। সময়মতে বেতনো পায়।’
আনহাতে, একাংশই মন্তব্য কৰিছে যে দেশৰ বাণিজ্যিক ৰাজধানী মুম্বাইত বিভিন্ন ব্যক্তিগত খণ্ডত জড়িতসকলে সময়ৰ নাটনিৰ বাবে ৰন্ধা-বঢ়া কামৰ ক্ষেত্রত সময় দিব নোৱাৰে। এনে লোকসকলৰ বহুতৰে আয় উচ্চ হয়।
গতিকে তেওঁলোকে ঘৰুৱা ৰন্ধা-বঢ়াৰ বাবেও ৰান্ধনী নিয়োগ কৰে। ফলত ৰন্ধন কার্যত দক্ষ বহুতৰে নিয়োগৰ সুযোগ ওলাইছে। এনে ক্ষেত্ৰত জড়িত বহুতৰে আয় সন্তোষজনক বুলি সততে চর্চিত হয়। অর্থাৎ বিশেষ শাৰীৰিক-মানসিক পৰিশ্ৰম নকৰাকৈয়ে নিজকে সংস্থাপিত কৰিবলৈ এনে একোজন ব্যক্তি সক্ষম হৈছে।






























