Income Tax :✒️২০২১-২২ আৰু ২০২২-২৩ৰ মূল্যায়ন বৰ্ষৰ আয়কৰ দিবলৈ বাকী থকা কৰদাতাসকলক আইটিআৰ দাখিলৰ আৰু এটা সুযোগ দিছে আয়কৰ বিভাগে। যোৱা বুধবাৰে ‘এক্স’ পোষ্টত প্রকাশ কৰা এক বিবৃতিত আয়কৰ বিভাগে কয় যে বিত্ত আইন, ২০২৫ অনুসৰি কৰদাতাসকলক ২০২১-২২ আৰু ২০২২-২৩ৰ মূল্যায়ন বৰ্ষৰ আপডেটেড বিটার্ণ (আইটিআৰ-ইউ) দাখিল কৰাৰ বৰ্ধিত সুবিধা প্ৰদান কৰা হৈছে।
সেই অনুসৰি ৰিটার্ণ দাখিলৰ সময়সীমা এতিয়া ২৪ মাহৰ পৰা ৪৮ মাহলৈ বৃদ্ধি কৰা হৈছে। অৱশ্যে,কৰদাতাসকলক এই সুবিধা কেৱল অধিক আয় ঘোষণা কৰাৰ বাবেহে, কৰ হ্রাস বা ধন ঘূৰাই পোৱাৰ দাবীৰ বাবে দিয়া হোৱা নাই বুলি স্পষ্ট কৰি দিয়া হৈছে বিবৃতিটোত।
ইয়াৰ দ্বাৰা কৰদাতাসকলে কেবল পূৰ্বৰ ৰিটাৰ্ণ শুধৰণি বা সম্পূর্ণ কৰাৰ সুযোগ পাব। এই অতিৰিক্ত সময়ে কৰদাতাসকলক অধিক কৰ দি পূৰ্বৰ ফাইলিঙত হোৱা ভুল বা বাদ পৰিশোধ কৰাৰ সুযোগ দিব, যদিহে কৰদাতাই ৰিটাৰ্ণ দাখিল কৰা নাই বা ভুলকৈ দাখিল কৰিছে।
