দিল্লীত উপস্থিত ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড ৰমুৱাল্ডেজ মাৰ্কজ

IMG 20250804 WA0089

Philippine President Marcos:✒️চৰকাৰী কাৰ্যসূচীৰে ভাৰতলৈ অহা ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড ৰমুৱাল্ডেজ মাৰ্কজক আজি বিয়লি নতুন দিল্লীৰ পালাম বিমানবন্দৰত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আনুষ্ঠানিকভাৱে উষ্ম আদৰণি জনায়।

উল্লেখ্য যে চলিত বৰ্ষতে ভাৰত-ফিলিপাইনছৰ কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰ সম্পূৰ্ণ হৈছে আৰু এই ঐতিহাসিক সময়তে ফিলিপাইনছৰ ৰাষ্ট্ৰপতিগৰাকীৰ ভাৰত ভ্ৰমণে দুয়োখন ৰাষ্ট্ৰৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ় কৰি তুলিব।

Exit mobile version