RUSSIA:প্ৰবল ভূমিকম্পৰ প্ৰভাৱ ! ছহেজাৰ মিটাৰ উচ্চতালৈ ধোঁৱাৰ কুণ্ডলী

ৰাছিয়াত ছশ বছৰ সুপ্ত হৈ থকা এটা আগ্নেয়গিৰিৰ উদ্‌দ্গীৰণ ঘটিল অন্তিমবাৰৰ বাবে পঞ্চদশ শতিকাতে উদ্‌দ্গীৰণ হৈছিল

volkano

Russia :

সুদীর্ঘ ছশ বছৰ কাল সুপ্ত হৈ থকা এটা আগ্নেয়গিৰিৰ উদ্গীৰণ ঘটিল। এই ঘটনা সংঘটিত হৈছে ৰাছিয়াৰ কামচাটকা অঞ্চলত। বিশেষজ্ঞসকলৰ বাহিৰে আন লোকে এই আগ্নেয়গিৰিৰ অস্তিত্বৰ কথা পাহৰিয়ে গৈছিল। এনে অৱস্থাতে আজি এই আগ্নেয়গিৰিৰ উদ্‌দ্গীৰণ ঘটে।

ক্রাশ্বেনিম্নিক’ভ নামৰ এই আগ্নেয়গিৰি ছশ বছৰ ধৰি সুপ্ত হৈ আছিল বুলি দেশখনৰ আগ্নেয়গিৰি বিশেষজ্ঞসকলে সংবাদ মাধ্যমক জনায়। এই সুদীর্ঘ কালৰ মূৰত আগ্নেয়গিৰিটোৰ উদ্‌দ্গীৰণ ঘটাৰ কথা সদৰী কৰি কামচাটকাৰ আগ্নেয়গিৰিৰ উদ্‌দীৰণ প্ৰশমন গোটৰ মুৰব্বী অল্পা গিৰিনাই কয়, ‘ছশ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে এই আগ্নেয়গিৰিৰ উদ্‌দ্গীৰণ ঘটিল।’

উল্লেখ্য যে কামচাটকাত যোৱা বুধবাৰে উৎপত্তি ঘটা এক শক্তিশালী ভূমিকম্পই চৌদিশ কঁপাই তোলে। ৰিখটাৰ স্কেলত ৮.৮ প্রাবল্যৰ এই ভূমিকম্পৰ প্ৰভাৱ সুদূৰ জাপানৰ পৰা আৰম্ভ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰ-নিউজিলেণ্ডলৈকে পৰে। সম্প্রতি একাংশ বিশেষজ্ঞই মন্তব্য কৰিছে যে ছয় শতাব্দী সুপ্ত হৈ থকা আগ্নেয়গিৰিটোৰ উদ্‌গীৰণ ঘটাৰ কাৰণ এই ভূমিকম্পৰ প্ৰভাৱ হ’ব পাৰে।

অৱশ্যে এই আগ্নেয়গিৰি উদ্গীৰণৰ ফলত কোনো ক্ষয়-ক্ষতিৰ তথ্য পোহৰলৈ অহা নাই। এই সম্পৰ্কত গিৰিনাই কয় যে এই ভূমিকম্পৰ পাছতে কামচাটকা উপদ্বীপৰ সবাতোকৈ সক্রিয় আগ্নেয়গিৰি ক্লাইয়ুছেভস্কৰো উদ্‌গীৰণ ঘটিছে। যোৱা বুধবাৰৰ ভূমিকম্পৰ জোঁকাৰণিৰ প্ৰভাৱত আগ্নেয়গিৰি দুটাৰ উদ্‌দ্গীৰণ ঘটিব পাৰে বুলিও তেওঁ মন্তব্য কৰিছে। এই সম্পর্কত তেওঁ আৰু কয় যে ইয়াৰ পূর্বে অন্তিমবাৰৰ বাবে পঞ্চদশ শতিকাত ক্রাশ্বেনিম্নিক’ভ উদ্‌দ্গীৰণ ঘটিছিল। ১৪৬৩ বা ইয়াৰ ৪০ বছৰ পূৰ্বে বা ৪০ বছৰ পাছত আগ্নেয়গিৰিটোৰ অন্তিম উদ্‌দ্গীৰণ ঘটিছিল বুলি তেওঁ কয়।

আনহাতে, ৰাছিয়াৰ জৰুৰী সেৱা মন্ত্রণালয়ে প্রকাশ কৰা অনুসৰি এই আগ্নেয়গিৰি উদ্‌দ্গীৰণৰ ফলত ছহেজাৰ মিটাৰ উচ্চতা পর্যন্ত ধোঁৱা উঠে। এই ভূমিকম্প ১,৮৫৬ মিটাৰ উচ্চতাত অৱস্থিত। এই ধোঁৱা প্রশান্ত মহাসাগৰৰ দিশে যাত্রা কৰিব পাৰে বুলি জৰুৰী সেৱা মন্ত্রণালয়ে মন্তব্য কৰিছে। ধোঁৱাৰ যাত্রাপথত জনবসতিপূর্ণ অঞ্চল নাই বুলি জৰুৰী সেৱা মন্ত্রণালয়ে সামাজিক মাধ্যমত প্রকাশ কৰিছে।

Exit mobile version