Thengal Kachari  Council: ঠেঙাল কছাৰী পৰিষদৰ বিষয়া-কৰ্মচাৰীয়ে ভয় নাখায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো

dhemaji 1

Thengal Kachari  Council:

বাদ-প্ৰতিবাদকো কেৰেপ নকৰে ঠেঙাল কছাৰী পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য কুমুদ কছাৰীয়ে I বিষয়া কৰ্মচাৰীৰে মিলি চলাইছে লুণ্ঠনৰাজ । অসমৰ অন্যতম পাচপৰা জনজাতি ঠেঙাল কছাৰী সকলৰ সৱাঙ্গীন উন্নয়নৰ স্বাৰ্থত চৰকাৰে আগবাঢ়োৱা পুঁজিৰে পাৰিষদ সকলে কৰিছে বিলাসীতা  I ধেমাজি জিলাৰ ঠেঙাল পৰিষদীয় একমাত্ৰ সমষ্টি ৰূপহী গড়পৰা সমষ্টিত স্থানীয় কাৰ্যবাহী সদস্যজনে দুই এজন সাংগো-পাংগোক লৈ চলাই অহা দুৰ্নীতিবোৰ ৰাইজে দেখি তীব্ৰ সমালোচনা কৰিছে i

শেহতীয়াকৈ ৰূপহী গড়পৰা জনজাতি হাইস্কুলৰ চাইকেল ঘৰৰ নামত প্ৰায় চাৰিলাখ টকা আৱন্টন কৰি অভিযন্তাৰ নক্সা উলংঘা কৰি ৰাজনীতি ক্ষমতাৰে পৰিষদৰ স্থানীয় দুই এজন দালালক লগ হৈ কাৰ্যবাহী সদস্যজনে সাধাৰণভাবে তিনিডাল আঢ়ৈ এম এম লোহা খুটা তথা নিম্নমানৰ সামগ্ৰীয়ে সাজিছে চাইকেল ষ্টেণ্ড । এইক্ষেত্ৰত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য কুমুদ কছাৰীক অৱগত কৰাৰ পিচতো কোনো ব্যৱস্থা গ্ৰহন নকৰাত ৰাইজে এতিয়া এই দুৰ্নীতিৰ অংকত মুখ্য কাৰ্যবাহী সদস্যজনকো সন্দেহৰ আঙুলি টোৱাইছে।

অসম চৰকাৰৰ মন্ত্ৰী ডা: ৰণোজ পেগুৰ নিজা সমষ্টিৰ নিজা বিভাগত পাৰিষদ জনে চলাই অহা দুৰ্নীতিবোৰক লৈ ৰাইজ মনত এতিয়া না না প্ৰশ্ন উদয় হৈছে । ধেমাজি জিলাৰ ঠেঙাল কছাৰী ছাত্ৰ সন্থাৰ লগতে সচেতন ৰাইজে ৰূপহী গড়পৰা পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্যজনে চলাই নিয়া এই লুণ্ঠনৰাজৰ ওপৰত ব্যৱস্থা গ্ৰহন নকৰে তেন্তে মন্ত্ৰী ডা: ৰণোজ পেগুয়ে সমাগত বিধান সভাৰ নিৰ্বাচনত ঠেঙাল এলেকা সমূহত ৰাইজে জবাবদিহি কৰিব এই কথা জানিব দিয়ে ধেমাজি জিলা ঠেঙাল কছাৰী ছাত্ৰ সন্থায়ে । তাৰ ওপৰিও পৰিষদত চলি থকা দুৰ্নীতিবোৰৰ নিশেষ কৰিবৰ বাবে চিএম ভিজিলেঞ্চক তদন্তৰ দাবী জনাই I

Exit mobile version