আদালত অৱমাননাৰে পাইকানত উচ্ছেদ? মুখ্য সচিবসহ ছজনলৈ জাননী

images 21

Paikan:✒️গোৱালপাৰা জিলাৰ পাইকানত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অৱমাননাৰে চৰকাৰে উচ্ছেদ অভিযান চলালে বুলি অভিযোগ উত্থাপন কৰি দাখিল কৰা এখন লেখ আবেদন শুনানিৰ বাবে গ্রহণ কৰিছে ন্যায়ালয়ে।

এই সংক্রান্তত দেশৰ শীৰ্ষ ন্যায়ালয়ে অসম চৰকাৰৰ মুখ্য সচিবসহ ছটা পক্ষক অহা আঠ আগষ্টত অনুষ্ঠিত হ’বলগীয়া পৰৱৰ্তী শুনানিত সোঁশৰীৰে উপস্থিত হ’বলৈ নিৰ্দেশ জাৰি কৰিছে।

তেওঁলোকে কি কি নিয়মৰ আধাৰত এই উচ্ছেদ কাৰ্য চলোৱা হ’ল, সেই বিষয়ে উচ্চতম ন্যায়ালয়ক অৱগত কৰিব লাগিব। মুখ্য সচিব ৰবি কোটাৰ উপৰি জাননী জাৰি কৰা আন পক্ষকেইটা হ’ল ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰধান সচিব জ্ঞানেন্দ্ৰ দেৱ ত্রিপাঠী, গোৱালপাৰাৰ জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰী, বালেজানা ৰাজহ চক্র বিষয়া পুজা দাস, গোৱালপাৰাৰ আৰক্ষী অধীক্ষক নৱনীত মহন্ত আৰু গোৱালপাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিষ্ণু পৰচাই।

অৱশ্যে ন্যায়ালয়ে এই বুলিও উল্লেখ কৰে যে যদিহে কোনো কাৰণত সোঁশৰীৰে উপস্থিত থকাটো সম্ভৱ নহয়, তেন্তে তেওঁলোকৰ অধিবক্তা উপস্থিত থাকিবই লাগিব। তাৰ পৰৱৰ্তী শুনানিতো নিয়মীয়াকৈ এনে উপস্থিতি বাধ্যতামূলক হ’ব। আদালত অবমাননাক লৈ লেখ আবেদনখন দাখিল কৰিছে অধিবক্তা আদিল আহমেদে।

আবেদনখনত এই বুলিও উল্লেখ কৰা হৈছে যে উচ্ছেদৰ সন্দর্ভত উচ্চতম ন্যায়ালয়ে ২০২৪ৰ ১৩ নৱেম্বৰত দিয়া ৰায়ক সম্পূর্ণ উলংঘাৰে পাইকানত উচ্ছেদ চলোৱা হয়।

Exit mobile version