মধ্য প্ৰদেশৰ কুবৰেশ্বৰ ধামত পদপিষ্ট হৈ দুগৰাকী মহিলাৰ মৃত্যু, আহত বহু! 

images 25

Stampede:✒️মধ্যপ্ৰদেশৰ কুৱেৰেশ্বৰ ধামত তীৰ্থযাত্ৰীৰ বিপুল ভিৰত পদপিষ্টৰ দৰে পৰিস্থিতি। এই ঘটনাত দুজন তীৰ্থযাত্ৰীৰ মৃত্যু হয়। আহত ১০ জনতকৈ অধিক লোক।

স্থানীয় সূত্ৰই জনোৱা মতে, ইয়াৰে একাংশৰ অৱস্থা সংকটজনক।আৰক্ষীৰ সূত্ৰ অনুসৰি আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তীৰ্থযাত্ৰীসকলৰ মাজত হঠাৎ হোৱা হুলস্থুলীয়া পৰিৱেশৰ কাৰণৰ তদন্ত অব্যাহত আছে।

অৱশ্যে পৰিস্থিতি শীঘ্ৰে নিয়ন্ত্ৰণলৈ অনা বুলিও দাবী কৰা হৈছে। প্ৰতি বছৰে শাওন মাহত কুৱেৰেশ্বৰ মন্দিৰত বৃহৎ সংখ্যক তীৰ্থযাত্ৰীৰ ভিৰ হয়।

এইবাৰো চেহোৰ জিলাৰ মন্দিৰত প্ৰাৰ্থনা কৰিবলৈ তীৰ্থযাত্ৰীসকলে ভিৰ কৰে। স্থানীয় সূত্ৰই দাবী কৰিছে যে সোমবাৰৰ পৰা তীৰ্থযাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে।

মঙলবাৰে আৰু অধিক বৃদ্ধি পালে ভক্তৰ ভিৰ। ফলত পৰিস্থিতি নিয়ন্ত্ৰনৰ কৰাত প্ৰশাসনৰ সমস্যাৰ সৃষ্টি হয় ।

উল্লেখ্য যে,বুধবাৰৰ পৰা মন্দিৰৰ পৰা আৰম্ভ হ’ব কাৱৰ যাত্ৰা। পণ্ডিত প্ৰদীপ মিশ্ৰৰ নেতৃত্বত এই যাত্ৰাৰ আয়োজন কৰা হৈছে। কাৱৰ যাত্ৰা উপলক্ষে এক বিশাল ভক্তৰ ভিৰ পৰিলক্ষিত হয় ।

হঠাতে হোৱা বিপুল সংখ্যক ভক্তৰ আগমনৰ ফলত পৰিস্থিতি বিশৃংখল হৈ পৰে।যাৰ বাবে পদপিষ্টৰ দৰে ঘটনা সংঘটিত হয়।

Exit mobile version