Amit Shah:✒️আদবানীক অতিক্ৰম কৰি ৰচিলে নতুন অভিলেখ, দেশৰ সৰ্বাধিক দীৰ্ঘদিনীয়া গৃহমন্ত্ৰী অমিত শ্বাহ
দেশৰ গৃহমন্ত্ৰী হিচাপে অভিলেখ গঢ়িলে অমিত শ্বাহে। ভাৰতীয় জনতা পাৰ্টিৰ একালৰ শীৰ্ষ নেতা লাল কৃষ্ণ আদবানীক অতিক্ৰম কৰি আজি পাঁচ আগষ্টত দেশৰ দীৰ্ঘদিনীয়া গৃহমন্ত্ৰীগৰাকীৰ সাফল্য লাভ কৰে অমিত শ্বাহে।এই সফলতাত অমিত শ্বাহক অভিনন্দন জনাবলৈ নাপাহৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
তেওঁৰ চৰকাৰৰ দ্বিতীয় কাৰ্যকাল অৰ্থাৎ ২০১৯ চনৰ ৩০ মে’ত অমিত শ্বাহে গৃহমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰে।
২০২৪ চনত, এন ডি এ চৰকাৰৰ তৃতীয় কাৰ্যকালত তেওঁ দ্বিতীয়বাৰৰ বাবে গৃহমন্ত্ৰী হয় অমিত শ্বাহ । আজিৰলৈকে তেওঁৰ কাৰ্যকাল ২২৫৮ দিন। ইমান দিনে এই কৃতিত্বৰ অধিকাৰী আছিল বিজেপিৰ আন এজন নেতা লাল কৃষ্ণ আদৱানীৰ ।
তেওঁৰ কাৰ্যকাল আছিল ১৯৯৮ চনৰ ১৯ মাৰ্চৰ পৰা ২০০৪ চনৰ ২২ মে’লৈ ।অৰ্থাৎ ২,২৫৬ দিন।
এই সফলতাৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহক অভিনন্দন জনাবলৈ নাপাহৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । মঙলবাৰে এন ডি এৰ সংসদীয় দলৰ বৈঠকত তেওঁ শ্বাহক প্ৰশংসা কৰে। উপস্থিত নেতাসকলক সম্বোধন কৰি মোদীয়ে আজিৰ দিনটো ঐতিহাসিক দিন বুলি উল্লেখ কৰি কয়,আজি এক ঐতিহাসিক দিন। আজিৰ দিনটোতে আমি সাংবিধানিকভাৱে জম্মু-কাশ্মীৰক বিশেষ অধিকাৰ প্ৰদান কৰা ৩৭০ অনুচ্ছেদ বাতিল কৰিলোঁ।
একে সময়তে শ্বাহক প্ৰশংসা কৰি তেওঁ কয় যে আজিৰ দিনটোতে অমিত শ্বাহে দেশৰ আটাইতকৈ দীৰ্ঘদিনীয়া গৃহমন্ত্ৰী হোৱাৰ কৃতিত্ব অৰ্জন কৰিছে।






























