Uttarakhand: ✒️উত্তৰাখণ্ডত পুনৰ আকস্মিক বান।উত্তৰকাশী জিলাৰ ধৰলী গাঁৱৰ ওপৰত ডাৱৰ বিস্ফোৰণত সৃষ্টি হয় আকস্মিক বান। ভূমিস্খলন আৰু আকস্মিক বানত চাৰিজন লোকৰ মৃত্যু।
ওপৰৰ অহা দ্ৰুতবেগী পানীয়ে এফালৰ পৰা ভাঙিছে ঘৰ-দুৱাৰ। সৃষ্টি হৈছে ভূমিস্খলনৰ ।এই ঘটনাত বৰ্তমানলৈকে কমেও ৫০ জন লোক সন্ধানহীন হোৱাৰ বিপৰীতে চাৰিজন লোকৰ মৃত্যু হৈছে।
ইতিমধ্যেই ভয়ানক প্ৰাকৃতিক দুৰ্যোগৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।
উত্তৰকাশীৰ ধৰলী গাঁও এই প্ৰাকৃতিক দুৰ্যোগৰ বলি হৈছে। বোকা খহনীয়াত ডুব গৈছে গাঁওখনৰ এটা অংশ। তাতে বহু লোক আবদ্ধ হৈ পৰিছে বুলি আশংকা কৰা হৈছে।
উল্লেখ্য যে,এই খবৰ পোৱাৰ লগে লগে আইটিবিপি আৰু এনডিআৰএফে স্থানত উপনীত হৈছে। যুদ্ধকালীন তৎপৰতাত উদ্ধাৰৰ অভিযান অব্যাহত আছে।
উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কয়, “উত্তৰকাশীৰ ধৰলীত হোৱা ডাৱৰ বিস্ফোৰণে ব্যাপক ক্ষতিসাধন কৰিছে। ই এক অত্যন্ত দুঃখজনক আৰু বেদনাদায়ক পৰিস্থিতি। সকলোৰে সুৰক্ষাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো।”
একে সময়তে তেওঁ কয় যে এছ ডি আৰ এফ, এন ডি আৰ এফ, আৰু জিলা প্ৰশাসনে যুদ্ধৰ ভিত্তিত উদ্ধাৰ অভিযান চলাইছে। এই কামৰ দায়িত্বত থকা শীৰ্ষ বিষয়াসকলৰ পৰা প্ৰতি মিনিটৰ আপডেট লৈছে মুখ্যমন্ত্ৰী ধামীয়ে।
দুৰ্যোগৰ খবৰ পোৱাৰ পাছতে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ স’তে ফোনযোগে বাৰ্তালাপ কৰে গৃহমন্ত্ৰী অমিত শ্বাহে।






























