Delhi:✒️ভাষা সংঘৰ্ষৰ মাজতে দিল্লীত গ্ৰেপ্তাৰ পাঁচজন ‘বাংলাদেশী’। দিল্লী আৰক্ষীয়ে দাবী,মঙলবাৰে পুৱা পাঁচজন ‘বাংলাদেশী অনুপ্ৰৱেশকাৰী’ই বলপূৰ্বকভাৱে লালকিল্লাত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে।
লগে লগে দুয়োকে গ্ৰেপ্তাৰ কৰা হয়। তেওঁলোকৰ পৰা বাংলাদেশী নথি-পত্ৰ উদ্ধাৰ কৰা হৈছে বুলি দিল্লী আৰক্ষীয়ে দাবী কৰে।
পাঁচোজনেই ৰাজধানীত শ্ৰমিক হিচাপে কাম কৰিছিল। আগন্তুক স্বাধীনতা দিৱস উদযাপনৰ বাবে লালকিল্লাত চলি আছে কটকটীয়া নিৰাপত্তা অনুশীলন।
এনে সময়ত এনে ঘটনা সংঘটিত হোৱাত সৃষ্টি হৈছে চাঞ্চল্য।এজন আৰক্ষী বিষয়াই জনোৱা তে, লালকিল্লাৰ ‘এক্সেছ কণ্ট্ৰল পইণ্ট’ৰ ওচৰত নিয়োজিত আৰক্ষীৰ এটা দলে পাঁচজন ‘বাংলাদেশী অনুপ্ৰৱেশকাৰী’ক গ্ৰেপ্তাৰ কৰে।
২০-২৫ বছৰ বয়সৰ অভিযুক্তৰ হাতত নাছিল লালকিল্লাত প্ৰৱেশৰ বাবে বৈধ নথি-পত্ৰ।তেওঁলোকে আন কোনো নথিও দেখুৱাব পৰা নাছিল।এই পাঁচজন লোক অবৈধভাৱে ভাৰতত আছিল।
আৰক্ষী বিষয়াজনে দাবী কৰে যে, “তেওঁলোক সকলোৱে অনুপ্ৰৱেশকাৰী আছিল, লালকিল্লাৰ চৌহদত বলপূৰ্বক প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল।”
ডিচিপি ৰাজা ভাটিয়াই জনোৱা মতে, আজি পুৱা লালকিল্লাৰ পৰা পাঁচজন সন্দেহজনক ব্যক্তিক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে।
তথ্য অনুসৰি, চাৰি-পাঁচ মাহ পূৰ্বে তেওঁলোক অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল।ভাটিয়াই কয়, “তেওঁলোকে দাবী কৰিছিল যে তেওঁলোকে নাজানে যে ১৫ জুলাইৰ পৰা লালকিল্লা জনসাধাৰণৰ বাবে বন্ধ হৈ আছে। তেওঁলোকৰ পৰা বাংলাদেশী নথি-পত্ৰ উদ্ধাৰ কৰা হৈছে। অৱশ্যে জেৰাৰ সময়ত কোনো সন্দেহজনক সামগ্ৰী উদ্ধাৰ হোৱা নাই, এনে কোনো কাৰ্যকলাপৰ কথা পোহৰলৈ অহা নাই।”
আৰক্ষীৰ সূত্ৰ অনুসৰি কেন্দ্ৰীয় তদন্ত সংস্থাই পাঁচজন ‘বাংলাদেশী অনুপ্ৰৱেশকাৰীকো জেৰা কৰিছে। তেওঁলোকক বাংলাদেশলৈ ঘূৰাই পঠোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে।






























