Aarohan Quiz Competition:
ড:ভবেন্দ্ৰ নাথ শইকীয়া শিশু কল্যাণ ন্যাসৰ মুখ্য ন্যাসৰক্ষী প্ৰীতি শইকীয়াৰ পৌৰোহিত্যত আয়োজিত ন্যাসৰক্ষীসকলৰ সভাত গৃহীত প্ৰস্তাৱ মৰ্মে অইন বছৰৰ দৰে এইবাৰো ভবেন্দ্ৰ নাথ শইকীয়াৰ পৱিত্ৰ স্মৃতিত ভবেন্দ্ৰ নাথ শইকীয়া শিশু কল্যাণ ন্যাসৰ উদ্যোগত আৰু কুইজৰ সংস্থা ‘অ আ ক খ’ৰ সহযোগত অহা ১০ আগষ্ট দেওবাৰে আয়োজন কৰা হৈছে ‘কুইজৰ ৰম্যভূমি’ শীৰ্ষক কুইজ প্ৰতিযোগিতা ।
প্ৰীতি শইকীয়াৰ সৈতে ন্যাসৰক্ষী তথা সচিব মলয়া গোস্বামী,নুৰুদ্দিন আহমেদ,গোপাল জালান, উৎপল বাদল বৰুৱা আৰু ইন্দ্ৰজিৎ দাসৰ উপস্থিতিত হোৱা সভাৰ সিদ্ধান্ত মৰ্মে ১০ আগষ্টত অনুষ্ঠিত হ’বলগীয়া সদৌ অসম ভিত্তিক মুকলি কুইজৰ বিষয় – ভবেন্দ্ৰ নাথ শইকীয়াৰ বৰ্ণাঢ্য শৈশৱ-কৈশোৰৰ বাটেৰে সুবিশাল জীৱন-কৃতিৰ সন্ধান, অসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালক ৷
অংশগ্ৰহণকাৰী প্ৰতিটো দলত সৰ্বাধিক দুগৰাকীকৈ সদস্য থাকিব পাৰিব । প্ৰথম তিনিটা বিজয়ী দলক ৫,৪,৩ হেজাৰ টকা, ট্ৰফী আৰু মানপত্ৰ প্ৰদান কৰা হ’ব । শ্ৰেষ্ঠ দলে লাভ কৰিব ভবেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী চলন্ত ট্ৰফী । ফাইনেল ৰাউণ্ডলৈ উন্নীত আন তিনিটা দলকো মানপত্ৰ, ট্ৰফী আৰু নগদ এহেজাৰ টকাকৈ আগবঢ়োৱা হ’ব ৷ কোনো ভৰ্তি মাচুল নাই ।
আৰম্ভণিতে দশম শ্ৰেণী পৰ্যন্ত একক লিখিত কুইজ প্ৰতিযোগিতা এখনো অনুষ্ঠিত হ’ব । স্কুল কুইজৰ বিষয় – ভবেন্দ্ৰ নাথ শইকীয়াৰ জীৱন আৰু সৃষ্টিকৰ্ম। স্কুল কুইজত প্ৰথম তিনিটা স্থান প্ৰাপকক ট্ৰফী, গ্ৰন্থ আৰু মানপত্ৰ আগবঢ়োৱা হ’ব ৷ দিনৰ ১০ বজাৰপৰা প্ৰতিযোগিতা অনুষ্ঠিত হ’ব বেলতলাৰ ছাৰ্ভেস্থিত ‘আৰোহণ’ত । পুৱা ৯ বজাৰ পৰা পঞ্জীয়ন আৰম্ভ কৰা হ’ব।বিশদ জানিবলৈ ৯৮৬৪৩-২৩৪৯৯ , ৯১০১৬-৬৪৪১১ ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব।
বঁটা বিতৰণী অনুষ্ঠানত ‘অসমীয়া খবৰ’ৰ সম্পাদক বিশ্বজিৎ দাসে সন্মানীয় অতিথি ৰূপে অংশগ্ৰহণ কৰিব। আনহাতে, ১৩ আগষ্টত ভবেন্দ্ৰ নাথ শইকীয়াৰ স্মৃতি দিৱস উপলক্ষে পুৱাৰ ভাগত ড: শইকীয়াৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন তথা বিয়লি ৪ বজাৰ পৰা আৰোহণৰ প্ৰেক্ষাগৃহত আৰোহণৰ শিক্ষার্থীসকলে বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব।
কটন কলেজৰ দৰ্শন বিভাগৰ প্ৰাক্তন মুৰব্বী, বিশিষ্ট লেখক, সমাজকৰ্মী, ড: মিনতি বৰঠাকুৰে মুখ্য অতিথি আৰু ‘আমাৰ অসম কাকত’ৰ কাৰ্য্যবাহী সম্পাদক গৌতম শৰ্মাই বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰিব বুলি মুখ্য ন্যাসৰক্ষী প্ৰীতি শইকীয়াই জানিবলৈ দিছে।






























