Chhaygaon:
দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ নতুন কটহী-মাকেলী আৰু পটৰীখাটৰ গৰাখহনীগ্ৰস্ত অঞ্চলত উপস্থিত জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকা । দীৰ্ঘদিন ধৰি ছয়গাঁৱৰ কলহী নদীৰ তাণ্ডৱত ঘৰ মাটি হেৰুওৱা অঞ্চলটোৰ ৰাইজৰ ওচৰত মন্ত্ৰী পিয়ুষ হাজৰিকা উপস্থিত হোৱা মাত্ৰকে অগণন লোক উপস্থিত হয় ।
অঞ্চলটো পৰিভ্ৰমণ কৰি কলহী নদীৰ তীব্ৰ সোঁত তথা খহনীয়াগ্ৰস্ত অঞ্চল অধ্যায়ণ কৰি মন্ত্ৰী গৰাকীয়ে কয়- এই সমস্যা সমাধান কৰিবলৈ হ’লে অঞ্চলটোৰ ৰাইজে অতি কমেও ১০ ফুট মাটি এৰি দিব লাগিব ।
আজি মন্ত্ৰী গৰাকীক সংগ দিয়ে দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি অঞ্জন গোস্বামী, বিজেপিৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য হিমাংশু শ্বেখৰ বৈশ্য প্ৰমুখ্যে ভালেমান নেতা ।
