Heroin smugglers arrested in Golokganj:
গোলকগঞ্জৰ অসম -পশ্চিমবংগ সীমান্তত ব্যাপক হাৰত বৃদ্ধি পাইছে অবৈধ ড্ৰাগছৰ সৰবৰাহ। ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী তীব্ৰ অভিযান অব্যাহত ৰখা সত্বেও বন্ধ কৰিব পৰা নাই প্ৰাণঘাতী ড্ৰাগছ সৰবৰাহ। আজি পুৱতি নিশা পুনৰ গোলকগঞ্জ আৰক্ষীৰ বৃহৎ ড্ৰাগছ বিৰোধী অভিযান।
অভিযানত পাঁচটা চাবোন বাকচত ৬০ গ্ৰাম সন্দেহজনক হেৰ’ইন, ৩৮ টা কন্টেনাৰত ৪৬ গ্ৰাম সন্দেহজনক হেৰ’ইন, ৮০ টা নিচাযুক্ত য়াবা টেবলেট, নগদ তিনি লক্ষাধিক টকা, WB 64AD 5716 নম্বৰৰ নিচান মেগনিট বিলাসীবাহন, WB 64J 7194 নম্বৰৰ এখন হিৰ’ গ্লেমাৰ বাইক আৰু তিনিটা ম’বাইল ফোন জব্দ কৰে।
