Samaguri Incident:চামগুৰিৰ ৰঙাগড়াস্থিত অসম চৰকাৰৰ পৰ্যটন নিগমৰ ‘ ফুড ক্রাফট ইনষ্টিটিউটৰ অধ্যক্ষৰ জঘন্য কাণ্ড !

ইনষ্টিটিউটৰ ছাত্ৰীক ধৰ্ষণৰ অপচেষ্টাৰ অভিযোগ অধ্যক্ষৰ বিৰুদ্ধে

samaguri

Samaguri Incident:

নগাঁও জিলাৰ চামগুৰিৰ ৰঙাগড়াস্থিত অসম চৰকাৰৰ পৰ্যটন নিগমৰ ‘ ফুড ক্রাফট ইনষ্টিটিউটৰ অধ্যক্ষৰ জঘন্য কাণ্ড | এগৰাকী অনাথ যুৱতী তথা ফুড ক্রাফট ইনষ্টিটিউটৰ ছাত্ৰীক হোটেলত কৰ্মসংস্থাপন দিয়াৰ অজুহাতত ঘৰলৈ আনি ধৰ্ষণৰ অপচেষ্টা কৰাৰ অভিযোগ অধ্যক্ষৰ বিৰুদ্ধে যুৱতী গৰাকীৰ I

চামগুৰিস্থিত ফুড ক্রাফট ইনষ্টিটিউটৰ অধ্যক্ষ প্ৰবাল শৰ্মা বৰদলৈৰ বিৰুদ্ধে উঠিছে গুৰুত্বৰ অভিযোগ I২৯জুলাইৰ নিশাৰ ভাগত অধ্যক্ষ গৰাকীৰ নগাঁও চহৰস্থিত বাসগৃহত সংঘটিত হৈছে এই কুকৰ্মৰ ঘটনাটো I যুৱতী গৰাকীৰ ভাষ্য অনুসৰি,যুৱতী গৰাকীয়ে হোটেল-ৰেষ্টুৰেণ্টত কৰ্মসংস্থাপন বিচাৰি অধ্যক্ষ গৰাকীৰ লগত যোগাযোগ কৰিছিল আৰু তাৰ পাছতেই অধ্যক্ষ প্ৰবাল শৰ্মা বৰদলৈয়ে নগাঁৱৰ এখন ৰেষ্টুৰেণ্টত কৰ্মসংস্থাপন দিবৰ বাবে ২৯ জুলাইত তেজপুৰৰ পৰা নগাঁৱলৈ বুলি লৈ আহিছিল যুৱতী গৰাকীক I

অধ্যক্ষ গৰাকীয়ে যুৱতী গৰাকীক নিজৰ ঘৰতেই থাকিবলৈ দি পুৱাৰ ভাগত নগাঁৱৰ ‘ৰিলেক্স’ নামৰ ৰেষ্টুৰেণ্টত কৰ্মসংস্থাপন দিয়াৰ কথাকৈ নিশাটো কটাব দিছিল। তাৰ পাছতেই অধ্যক্ষ গৰাকীয়ে  ঘৰত পৰিয়ালৰ কোনো লোক নথকাৰ সুযোগ গ্ৰহণ কৰিয়েই নিশাৰ ভাগত যুৱতী গৰাকীক ধৰ্ষণৰ অপচেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰে ভুক্তভোগী যুৱতী গৰাকীয়ে I

ভুক্তভোগী যুৱতী গৰাকীয়ে এজন বন্ধুক সমগ্ৰ ঘটনাটোৰ বিষয়ে কোৱাৰ পাছতেই পোহৰলৈ আহে অধ্যক্ষ প্ৰবাল শৰ্মা বৰদলৈৰ কুকৰ্মৰ কথা  I নগাঁৱৰ ইটাচালী আৰক্ষী চকীত অধ্যক্ষ গৰাকীৰ বিৰুদ্ধে ইতিমধ্যে এজাহাৰ দাখিল কৰে  ভুক্তভোগী যুৱতী গৰাকীয়ে I

Exit mobile version