উত্তৰকাশীৰ পাছত এইবাৰ পাউৰিত ডাৱৰ বিস্ফোৰণত বিধ্বস্ত ! 

উত্তৰাখণ্ডত নিৰুদ্দেশ ২৮জন পৰ্যটক

IMG 20250806 202954

Cloudburst:✒️প্ৰকৃতিৰ ৰোষত বিধ্বস্ত উত্তৰাখণ্ড।ডাৱৰ বিস্ফোৰণত বিধ্বস্ত হৈ পৰিছে উত্তৰকাশী। মঙলবাৰে আকস্মিক বানৰ ধ্বংসলীলাৰ পাছত বুধবাৰে পৌৰী গড়ৱালৰ পাবো ব্লকৰ ছাইঞ্জী গাঁৱত এক ডাৱৰ বিস্ফোৰণে দুৰ্যোগৰ সৃষ্টি কৰে।

যাৰ ফলত এক বৃহৎ ভূমিস্খলনৰ সৃষ্টি হয়। এই ঘটনাত কমেও দুগৰাকী মহিলাৰ মৃত্যু হৈছে। আকস্মিক বানত উটি গ’ল কেবাজনো শ্ৰমিক। আনহাতে, মঙলবাৰে উত্তৰকাশী দুৰ্যোগত কেৰালাৰ ২৮ গৰাকী পৰ্যটক সন্ধানহীন হৈ পৰে।

তথ্য অনুসৰি, বুধবাৰে পুৱা প্ৰায় ১১ মান বজাত সাইনজি গাঁৱৰ সমীপৰ ডাৱৰৰ বিস্ফোৰণ হৈ ভাঁহি আহে এক বিশাল জল স্ৰোত।ধ্বংস হৈছে কেবাখনো কৃষিভূমি। পানীত জাহ হৈছে এখন ফুটব্ৰিজ। নিৰুদ্দেশ হৈছে নেপালৰ পাঁচজন শ্ৰমিক।

গড়োৱাল জিলা দণ্ডাধীশ স্বাতী এছ ভদোৰিয়াই জনাইছে,যোৱা নিশাৰ পৰা জিলাখনত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত বহু ঠাইত ভূমিস্খলন হৈছে। বন্ধ হৈ পৰিছে বহু পথ । ইফালে ডাৱৰ বিস্ফোৰণৰ ফলত ক্ষতিগ্ৰস্ত হৈছে বহু ঘৰ দুৱাৰ।”

তদুপৰি জিলা দণ্ডাধীশে জানিবলৈ দিয়া মতে, কলগাড়ীৰ সমীপৱৰ্তী ৰাষ্ট্ৰীয় ঘাইপথত ভাঙি পৰা দলংখনৰ ঠাইত ব্ৰেইল দলং নিৰ্মাণৰ নিৰ্দেশ দিয়া হৈছে।

তথ্য অনুসৰি, পাবো ব্লকৰ বুৰাচী গাঁৱত ধ্বংসাৱশেষৰ তলৰ পৰা উদ্ধাৰ হৈছে দুগৰাকী মৃত মহিলাৰ মৃতদেহ।

কেৰালাৰ ২৮ গৰাকী পৰ্যটক সন্ধানহীন

সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি উত্তৰকাশীত সংঘটিত দুৰ্যোগৰ পাছৰে পৰা ২৮ জন পৰ্যটক সন্ধানহীন হৈ আছে। ইয়াৰে ২০ জন কেৰালাৰ বাসিন্দা যদিও বৰ্তমান মহাৰাষ্ট্ৰত বাস কৰে। তেওঁলোক হৰিদ্বাৰৰ এখন ট্ৰেভেল এজেন্সীৰ লগত ভ্ৰমণলৈ গৈছিল।

নিৰুদ্দেশ হোৱা পৰ্যটকৰ ভিতৰত আছিল এহাল দম্পতী। তেওঁলোকৰ পুত্ৰই জনোৱা মতে, মঙলবাৰে পুৱা ৮:৩০ বজাত শেষবাৰৰ বাবে তেওঁলোকৰ খবৰ পোৱা গৈছিল। সেই সময়ত তেওঁলোকে উত্তৰকাশীৰ পৰা গংগোত্ৰীলৈ গৈছিল। ইয়াৰ পাছত তেওঁলোকৰ স’তে পুনৰ যোগাযোগ কৰিব পৰা নাই।

Exit mobile version