প্ৰধানমন্ত্ৰীৰ সুৰক্ষা নিশ্চিত কৰা মণিপুৰৰ কন্যা! 

IMG 20250806 100949

Manipur:✒️মণিপুৰত গোষ্ঠী সংঘৰ্ষ আৰম্ভ হোৱাৰ ২৭মাহ পাৰ হ’ল। এই সময়ছোৱাত এবাৰো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মণিপুৰত উপস্থিত নহ’ল। আনকি মণিপুৰৰ মন্ত্ৰী-বিধায়কৰ স’তেও সাক্ষাৎ কৰা নাই। যাক লৈ বিস্তৰ আলোচনা-প্রতিবাদ অব্যাহত আছে। অৱশ্যে ৰাজ্যখনৰ শীর্ষস্থানীয় নেতা-মন্ত্রীসকলে তেওঁৰ সাক্ষাৎ নাপালেও বিদেশত প্রধানমন্ত্রী মোদীৰ নিৰাপত্তাৰ ক্ষেত্ৰত মণিপুৰৰ এগৰাকী কন্যায়েই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে।

তেওঁৰ নাম আদাছো কাপেছা। মণিপুৰ তথা উত্তৰ-পূবৰ পৰা তেৱেই এছপিজিত নিযুক্ত প্রথম মহিলা কমান্ডো। আচলতে আদাছো হৈছে প্রধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্ব লাভ কৰা দেশৰেই প্ৰথমগৰাকী মহিলা এছপিজি কমান্ডো।

প্রধানমন্ত্রী মোদীৰ সাম্প্ৰতিক ব্রিটেইন ভ্ৰমণৰ সময়ত তেওঁৰ সোঁফালে কিছু পাছত অৱস্থান কৰা এগৰাকী মহিলাই সকলোৰে দৃষ্টি আকর্ষণ কৰিছিল। সচৰাচৰ দেশৰ এক নম্বৰ হাই প্রফাইল ব্যক্তিৰ নিৰাপত্তা বলয়ত অতি দক্ষ এছপিজি কমাণ্ডোৰ বাহিৰে আন কোনো থকাৰ কথা নহয়।স্বাভাৱিকতে উক্ত ফটোখন ভাইৰেল হৈ পৰে।

ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলে মন্তব্য কৰে যে ইমান গুৰুত্বপূৰ্ণ ভূমিকাত এগৰাকী মহিলাৰ নিয়োগ গৰ্বৰ বিষয়। লগে লগে সেই যুৱতীৰ পৰিচয় বিচৰাৰ কাম আৰম্ভ হয়। তেতিয়াই জনা গ’ল যে সেই বিষয়াগৰাকীৰ নাম এমেইমেইকি আদাছো কাপেছা।

তেওঁ মণিপুৰৰ কন্যা হ’লেও আচলতে মাও নগা জনগোষ্ঠীৰ সদস্যা। সম্প্রতি তেওঁ স্পেচিয়েল প্র’টেকচন গ্রুপ বা এছপিজিত – ডেপুটেচনত নিযুক্ত। মণিপুৰৰ সেনাপতি জিলাৰ কাইবি গাঁৱৰ বাসিন্দা আদাছোৱে ইয়াৰ পূৰ্বে পিথোৰাগড়ৰ সশস্ত্ৰ সীমা বলৰ ৫৫ নম্বৰ বেটেলিয়নত পৰিদৰ্শক (জেনেৰেল ডিউটি) পদত নিযুক্ত আছিল।

দুর্দান্ত কর্ম দক্ষতাৰে কাৰণে তেওঁ এছপিজিত প্ৰশিক্ষণৰ বাবে নির্বাচিত হৈছিল।এছপিজি হৈছে দেশৰ সবাতোকৈ মর্যাদাপূর্ণ নিৰাপত্তা বাহিনী, য’ত কেৱল শ্রেষ্ঠ কমাণ্ডোসকলকহে নিৰ্বাচন কৰা হয়। এছপিজিৰ সদস্যসকলে তীব্র শাৰীৰিক, কৌশলগত তথা মানসিক প্রশিক্ষণ গ্রহণ কৰিব লাগে। আদাছোৱে সেই কঠোৰ প্রশিক্ষণ সফলতাৰে সম্পন্ন কৰে।

সেনাপতি জিলাৰ মানুহ আদাছোৰ কৃতিত্বত অত্যন্ত আনন্দিত। তেওঁলোকৰ মতে, নিৰলস পৰিশ্ৰম, শৃংখলা আৰু সাহসৰ পৰিচয় দিয়েই অতি ভিতৰুৱা তথা অনামি গাঁৱৰ পৰা গৈ আদাছোৱে দেশৰ শীৰ্য নিৰাপত্তা বাহিনীত স্থান পায়, আনকি স্বয়ং প্রধানমন্ত্ৰীৰ নিৰাপত্তাৰ ভাৰ অৰ্জন কৰি মণিপুৰক গৌৰৱান্বিত কৰিছে।

মণিপুৰবাসীৰ মতে, প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা বলয়ত আদাছোৱে দায়িত্ব পোৱাটো কেৱল তেওঁৰ ব্যক্তিগত কৃতিত্ব অর্জনেই নহয়; সেয়া ভাৰতীয় প্ৰতিৰক্ষা তথা অর্ধ সামৰিক সেৱাসমূহত ক্রমবর্ধমান লিংগসাম্যৰো প্রতীক। কিছুদিনৰ আগলৈকে এছপিজি আছিল এটা সম্পূর্ণ পুৰুষ ইউনিট।

এই অভিজাত স্কোৱাডত আদাছোৰ প্ৰৱেশে উত্তৰ-পূবৰ আৰু অধিক সংখ্যক যুৱতীক নিৰাপত্তা বাহিনীত যোগ দিয়া আৰু কমাণ্ডো হোৱাৰ ক্ষেত্ৰত উৎসাহিত কৰিব।

Exit mobile version