বিদ্যুৎ তাঁৰত বহিলেও বিদ্যুৎস্পৃষ্ট নহয় পক্ষী

বহুতৰে অজ্ঞাত ইয়াৰ অন্তৰালৰ কাৰণ

images 7 2

Birds:✒️বিদ্যুতৰ সংস্পর্শলৈ আহিলে মাৰাত্মক বিপদ হ’ব পাৰে বুলি সকলোৰে ভয় থাকে। মাজে-মধ্যেই আমি মানুহ বা আন জীৱ-জন্তু বিদ্যুৎস্পষ্ট হৈ মৃত্যুৰ বাতৰি পাওঁ। অথচ চৰাইবোৰে জাক পাতি পাতি বিদ্যুতৰ তাঁৰত বহি থকা সকলোৱে দেখা পাওঁ। অথচ সততে চৰাই বিদ্যুৎস্পৃষ্ট হোৱা দেখা নাযায়।

হেজাৰ হেজাৰ ভ’ল্টৰ বিদ্যুৎ প্রবাহিত তাৰত বহা সত্ত্বেও চৰাইবোৰ কিয় বিদ্যুৎস্পৃষ্ট নহয়, সেই কথা বাৰু কেতিয়াবা ভাবি চাইছেনে? ইয়াৰ অন্তৰালত কিবা বিজ্ঞান আছে নেকি? নে চৰাইবোৰে নিজস্ব যাদুৰে অনায়াসে বৈদ্যুতিক তাঁৰত বহি ঘণ্টাৰ পাছত ঘণ্টা সময় কটাই দিব পাৰে?

বিদ্যুতৰ তাঁৰত বাদুলি বহিলেই সিঁহতৰ শৰীৰত কঁপনি ধৰে আৰু বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুও হয়। অথচ সেই তাঁৰতে বহি আন চৰাইবোৰে আৰাম কৰি থাকে। ইয়াৰ অন্তৰালত আছে অত্যন্ত সহজ তথা সাধাৰণ এক বিজ্ঞান। এই ক্ষেত্ৰত বিজ্ঞানৰ এটা মৌলিক ধাৰণাই কাম কৰে।

আচলতে চৰাইবোৰে কেৱল এডাল তাঁৰৰ ওপৰত বহে। উভয় তাঁৰক একেলগে স্পৰ্শ কৰিলে চৰাইৰো মৃত্যু ঘটে; কিন্তু তেনেকুৱা সততে নঘটে। কাৰণ চৰাইবোৰে একেলগে উভয় তাঁৰক স্পৰ্শ কৰিব নোৱাৰে।

একাংশ বিশেষজ্ঞৰ মতে, পক্ষীয়ে যেতিয়া কেৱল এডাল বিদ্যুতৰ তাঁৰত বহে তেতিয়া সিহঁতৰ ভৰি দুখনে এডালহে ভল্টেজৰ তাঁৰ স্পৰ্শ কৰে। ফলত সিহঁতৰ শৰীৰৰ মাজেৰে বিদ্যুৎ প্রবাহিত নহয়।

বিদ্যুতৰ ‘শ্বক’ লগাৰ বাবে ‘পটেনচিয়েল ডিফাৰেন্স’ বা ভল্টেজৰ পার্থক্য থকাটো জৰুৰী; কিন্তু মাত্র এডাল তাঁৰত বহাৰ কাৰণে এনে কোনো পার্থক্য সৃষ্টি নহয়। বিদ্যুতৰ তাঁৰ অত্যন্ত ভাল পৰিবাহী হ’লেও চৰাইৰ শৰীৰ তুলনামূলকভাবে দুর্বল ‘কণ্ডাক্টৰ’।

ফলত বিদ্যুতৰ প্ৰবাহ চৰাইৰ শৰীৰত প্ৰৱেশ কৰিলেও সেয়া ইমানেই সামান্য যে সেয়া চৰাইৰ বাবে ক্ষতিকাৰক নহয়।আচলতে চৰাই আকাৰত সৰু হোৱা, সিঁহতৰ দুটা ভৰিৰ মাজত দূৰত্ব কম থকা আৰু মাটিৰ পৰা সম্পূর্ণ বিচ্ছিন্ন হৈ থকা- এই তিনিটা বিষয়েই এই ক্ষেত্ৰত চৰাইক নিৰাপদে ৰাখে।

যিহেতু চৰাইয়ে কোনো বিদ্যুৎ চার্কিট সম্পূর্ণ নকৰে, সেয়ে সিহঁতৰ দেহত বিদ্যুৎ প্রবাহ নঘটে। একেদৰে মানুহৰ ক্ষেত্ৰত বিষয়টো সম্পূর্ণ বিপৰীত হয়। আমি বিদ্যুতৰ তাঁৰ স্পৰ্শ কৰাৰ সময়ত মাটিক সংস্পর্শত থাকো।

ফলত উচ্চ ভল্টেজৰ পৰা মাটিৰ শূন্য ভল্টেজ পর্যন্ত বিদ্যুৎ শৰীৰৰ মাজেৰে প্রবাহিত হয়। এই বিশাল ভল্টেজ পাৰ্থক্যৰ কাৰণেই মানুহ বা অন্যান্য জন্তুৰ ক্ষেত্ৰত তাঁৰৰ স্পৰ্শ প্রাণঘাতী হৈ পৰে।

অৱশ্যে চৰাইয়ো যে সকলো সময়তে নিৰাপদ সেয়াও নহয়। একেলগে দুডাল ভিন্ন ভল্টেজৰ তাঁৰ বা এটা মাটিৰ স’তে সংযোজিত বস্তু যেনে খুঁটা বা ট্রেন্সফৰ্মাৰত স্পৰ্শ কৰিলে সেয়া চৰাইৰ বাবে সবাতোকৈ বিপজ্জনক পৰিস্থিতি হ’ব পাৰে।

কাৰণ তেতিয়া চার্কিট সম্পূণ; হয় আৰু বিদ্যুৎ পোনপটীয়াকৈ চৰাইৰ দেহৰ মাজেৰে প্রবাহিত হৈ মৃত্যু ঘটাব পাৰে। সংক্ষেপত ক’বলৈ হ’লে চৰাইবোৰ বিদ্যুতৰ তাঁৰত নিৰাপদে বহি থাকে, কিয়নো সিঁহত কোনো ভল্টেজ পাৰ্থক্যৰ মুখামুখি নহয়।

অৱশ্যে সামান্য ভুল হ’লেই যেনে একেলগে দুডাল ভিন্ন ভল্টেজৰ তাঁৰে মাটিত স্পৰ্শ কৰিলে পক্ষীও মাৰাত্মকভাৱে আহত বা নিহত হ’ব পাৰে।

Exit mobile version