Five-foot bridge will be built on NH-27 in Guwahati City:মহানগৰীৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত অচিৰেই নিৰ্মাণ হ’ব ৫ নতুন পদপথ সেতু, সামাজিক মাধ্যমত ঘোষণা মুখ্যমন্ত্ৰীৰ

hbc new

Five-foot bridge will be built on NH-27 in Guwahati City:

মহানগৰীৰ সদাব্যস্ত ছয়লেনযুক্ত ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত ইপাৰ – সিপাৰ হ’বলৈ দীৰ্ঘদিন ধৰি যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে পথচাৰী ৷ আনকি পথ পাৰ হ’বলৈ গৈ তীব্ৰবেগী বাহনৰ খুন্দাত কৰুণ মৃত্যুক সাবটি ল’বলগীয়া হয় বহুজন ৷

এনেবোৰ বিষয়ৰ প্ৰতি গুৰুত্ব আৰোপ কৰি মহানগৰীৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত অচিৰেই নিৰ্মাণ হ’ব ৫ নতুন পদপথ সেতু ৷ একেদৰে ঘাইপথছোৱাৰ ১৮ কিঃমিঃ পথত হ’ব স্ট্রীট লাইটৰ ব্যৱস্থা ৷

৫ নতুন পদপথ সেতু নিৰ্মাণ হ’বলগীয়া স্থান কেইটা হ’ল জালুকবাৰী ( অসম অভিযান্ত্রিক মহাবিদ্যালয়ৰ ওচৰত ), তেঁতেলীয়া, গড়চুক ( কেন্দ্রীয় লোক নির্মাণ বিভাগৰ কাৰ্যালয়ৰ সমীপত ), লালমাটি (গেমছ ভিলেজৰ ওচৰত ) আৰু ৰয়েল গ্লবেল ইউনিভাৰ্চিটীৰ পইন্টত ৷

ফুটব্রীজ সমূহ নিৰ্মাণ কৰিব ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ৷ পদপথ উৰণসেতু সাধাৰণ ৰাইজ, ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষাৰ বাবে এই ব্যৱস্থা কৰা হৈছে বুলি সামাজিক মাধ্যমত সদৰি কৰে মুখ্যমন্ত্রী ড:হিমন্ত বিশ্ব শৰ্মাই

Exit mobile version