Gelabeel Incident:
ৰাজ্য কপোঁৱা গেলাবিলৰ মৰেল পুলিচিং কাণ্ডৰ অন্যতম অভিযুক্তদ্বয় শশাংক শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠক গ্ৰেপ্তাৰ গোলাঘাট আৰক্ষীৰ ৷
গোলাঘাট জিলাৰ সৰুপথাৰৰ গেলাবিলত ৩০ জুলাইত দুজন কিশোৰৰ ওপৰত চলাইছিল তালিবাণী নিৰ্যাতন চলাইছিল শ্ৰেষ্ঠ ভাতৃত্ৰয়ে ৷ ঘটনাৰ পিছতে সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছতে পলায়ন কৰিছিল ৷
অৱশেষত এসপ্তাহ আত্মগোপন কৰি থকাৰ পিছত ডিব্ৰুগড় আৰু কাছমাৰীৰ পৰা গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাগ দাসৰ নেতৃত্বত যোৱা আৰক্ষী দলে মঙলবাৰে গ্ৰেপ্তাৰ কৰে শশাংক শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠক ৷
আনহাতে দুই অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি গোলাঘাট থানালৈ অনাৰ পিছত এটা ভিডিঅ’ ছ’চিয়েল মেডিয়াত ব্যাপক প্ৰচাৰ হয় ৷ য’ত দেখা পোৱা গৈছিল অভিযুক্তক চকীত বহুৱাই চাহ – বিস্কুটৰে আপ্যায়ণৰে ৰাজ আতিথ্য প্ৰদান কৰা হৈছে ৷
আনহাতে এই দৃশ্য ছ’চিয়েল মেডিয়াত প্ৰত্যক্ষ কৰি গৰজি উঠে স্থানীয় ৰাইজ ৷ ৰাইজৰ প্ৰশ্ন জঘন্য ঘটনাৰে জড়িত অপৰাধীক কিয় দিয়া হ’ল আপ্যায়ণ আৰু ৰাজ আতিথ্য ৷ আৰক্ষীৰ এনে কাৰ্যই অপৰাধীক উদ্গনি দিয়া নাইনে বুলি প্ৰশ্ন সচেতন মহলৰ ৷ গোলাঘাট আৰক্ষীৰ এই বিপৰীত স্থিতিক ৰাইজে তীব্ৰ সমালোচনা কৰে ৷






























