Kaki :
লংকাৰ কাকী আৰক্ষীক চোৰৰ বুঢ়া আঙুলি। পুনৰ উপাসনাস্থলীত চুৰি কাণ্ড। কাকীৰ ঐতিহাসিক বিষ্ণু আৰু শিৱ মন্দিৰত এইবাৰ চুৰিকাণ্ড। ১ নং কাকী ৫/৬ নং গাঁৱত অৱস্থিত এই দুটা উপাসনাস্থলীত সংঘটিত হয় চুৰি কাণ্ড।
শিৱ মন্দিৰৰ পৰা সোণ, প্ৰায় ২ কেজি ৰূপৰ সামগ্ৰী, টিলিঙা ১২ টা, কাঁহৰ থালি ৪ খন, কাঁহৰ ঘটি ৪ টা,পিতলৰ গছা ৫ টা, পিতলৰ শিৱ মুৰ্তি এটা আৰু পিতলৰ হেতা এখন। ইফালে,লগতে থকা বিষ্ণু মন্দিৰৰ পৰা পিতলৰ গছা ১ টা,বৰতাল এজোৰ আৰু সৰু তাল এজোৰ আৰু তামৰ দুখন থাল চোৰে চুৰি কৰি লৈ যায়। দুই উপাসনা স্থলীৰ পৰা আনুমানিক প্ৰায় ৪ লাখ টকাৰ সামগ্ৰী চোৰে চুৰি কৰি লৈ যায়।
উল্লেখ্য যে, পৰহি নিশাও একে গাঁৱৰে নিজৰাপাৰ নামঘৰ, শংকৰ মাধৱ নামঘৰ আৰু এজন লোকৰ ব্যক্তিগত নামঘৰত চোৰে চুৰিকাণ্ড সংঘটিত কৰিছিল । বিগত পোন্ধৰটা দিনত চোৰে ধাৰাবাহিক চুৰি কাৰ্য সংঘটিত কৰি আহিছে যদিও কাকী আৰক্ষীয়ে এটাও চোৰ আটক কৰিব নোৱাৰাত ৰাইজ আতংকিত হৈ পৰিছে।
