Tamulpur UPPL- BJP Conflict:
বিটিচি নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত তামুলপুৰত বিজেপিৰ বুথ সভাপতিক প্ৰাণঘাতী আক্ৰমণ ইউপিপিএল কৰ্মীৰ I ইউপিপিএলৰ ভিচিডিচিৰ সদস্যই অৰুণোদয় পত্ৰ বিতৰণৰ নামত ৫০০ টকাকৈ ধন সংগ্ৰহত বাধা দিয়াৰ বাবে আক্ৰমণ বিজেপিৰ বুথ সভাপতিক I
দৰংগাজূলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত মাদাৰবাৰীৰ ইউপিপিএল নেতা সোনাৰাম বড়ো, নন্দেশ্বৰ ৰাভাৰ নেতৃত্বত দুৰ্বৃত্তৰ দলে নিশা ১০৯ নম্বৰ বুধ সমিতিৰ সভাপতি লংকেশ্বৰ ৰাজবংশীক আক্ৰমণ কৰে নিশা স্থানীয় লোকৰ সৈতে বনৰীয়া হাতী খেদিবলৈ যাওতে পাগলাদিয়া নদীৰ মথাউৰিত লংকেশ্বৰ ৰাজবংশীক আক্ৰমন I আক্ৰমনত বাধা দিয়া অন্য লোককো আক্ৰমণ কৰে ইউপিপিএলৰ কৰ্মীয়ে।
আনহাতে ইউপিপিল নেতাই ডিঙি চেপি ভৱিষ্যতেও হত্যা কৰাৰ ভাবুকি দিয়াৰ গুৰুতৰ অভিযোগ লংকেশ্বৰ ৰাজবংশীৰ I জীৱনৰ নিৰাপত্ত বিচাৰি মুখ্যমন্ত্ৰীলৈ আহ্বান বুথ সভাপতি লংকেশ্বৰ ৰাজবংশী সহ স্থানীয় লোকৰ I আক্ৰমণৰ ঘটনাক লৈ তামুলপুৰ আৰক্ষী থানাৰ ইউপিপিএল নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।






























