আন্তৰাষ্ট্ৰীয় নৃত্য প্ৰতিযোগীতাত উজ্বলিল কোকৰাঝাৰ নৃত্য কলা একাডেমিৰ শিক্ষাৰ্থী 

IMG 20250807 104348

✒️আন্তৰাষ্ট্ৰীয় নৃত্য প্ৰতিযোগীতাত কোকৰাঝাৰ নৃত্য কলা একাডেমিৰ শিক্ষাৰ্থী ।কৃতি নৃত্য শিল্পী গীতাঞ্জলী বৰ্মনক ঢোলমাৰাত সম্বৰ্ধনা বিভিন্ন দল সংগঠনৰ ।

বিটিআৰৰ হাৰ্টলেণ্ড কোকৰাঝাৰ সদৰ চহৰত থকা কোকৰাঝাৰ নৃত্য কলা একাডেমি নামৰ অনুষ্ঠানৰ নৃত্য শিল্পী গীতাঞ্জলী বৰ্মনে গুৱাহাটিত অনুষ্ঠিত ৰাষ্ট্ৰীয় আৰু আন্ত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ নৃত্য প্ৰতিযোগীতা সাংস্কৃতিক সংগম নামৰ এক অনুষ্ঠানত অংশ গ্ৰহন কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হয় ।

আজি উক্ত শিক্ষাৰ্থীক সম্বৰ্ধনা জনায় সদৌ অসম গৰিয়া মৰিয়া দেশী পৰিষদ , আছা , আক্ৰাছু আদি সংগঠনে সম্বৰ্ধনা জনায় ঢোলমাৰাস্থ বাসভৱনত ।

সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে কোকৰাঝাৰ নৃত্য কলা একাডেমিৰ সঞ্চালক প্ৰলয় দত্তৰ লগতে কেইবাজনো সমাজ সেৱকৰ উপৰিও শিক্ষাৰ্থী সকলোৰ অবিভাৱক অবিভাবিকা সকল উপস্থিত থাকে ।

Exit mobile version