নগদকাণ্ডৰ পাছত এইবাৰ ন্যায়াধীশৰ যোগ্যতাক লৈয়েই প্রশ্ন উত্থাপন

images 21

এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশোৱন্ত বৰ্মাক কেন্দ্ৰ কৰি অব্যাহত থকা বিতৰ্কৰ মাজতে এইবাৰ আৰু এজন ন্যায়াধীশক লৈ প্ৰশ্ন উত্থাপন কৰিলে উচ্চতম ন্যায়ালয়ে। ন্যায়াধীশ বৰ্মাৰ নাম জড়িত হৈছিল ‘নগদকাণ্ড’ত।

এইবাৰ এজন ন্যায়াধীশৰ যোগ্যতাক লৈয়েই প্রশ্ন উঠিছে। সেই প্রশ্নও তুলিছে স্বয়ং শীর্ষ আদালতে। যোগ্যতাৰ প্ৰশ্ন উত্থাপন হোৱাজনো এলাহাবাদ উচ্চ ন্যায়ালয়ৰে ন্যায়াধীশ। বাকী কর্মজীৱনত সেই ন্যায়াধীশক আৰু কোনো ফৌজদাৰী গোচৰ শুনিবলৈ দিয়া নহ’ব বুলি উচ্চতম ন্যায়ালয়ে নির্দেশ দিছে।

সাম্প্রতিক অতীতত উচ্চতম ন্যায়ালয়ৰ এনে নির্দেশ কার্যতঃ নজিৰবিহীন।উল্লেখ্য যে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্রশান্ত কুমাৰে সম্প্ৰতি এক দেৱানী গোচৰত ফৌজদাৰী প্ৰক্ৰিয়া আৰম্ভ কৰাৰ অনুমতি দিছিল। ন্যায়াধীশজনৰ এই সিদ্ধান্তই বিস্মিত কৰি তুলিছে উচ্চতম ন্যায়ালয়ক।

শীর্ষ আদালতৰ ন্যায়াধীশ জেবি পার্দিৱালা আৰু ন্যায়াধীশ আৰ মহাদেৱনৰ বিচাৰপীঠৰ পৰ্যবেক্ষণ অনুসৰি, উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশজনৰ সেই নির্দেশ তেওঁলোকে দেখা সবাতোকৈ বেয়া আৰু ভুল নির্দেশৰ এটা। ন্যায়াধীশ কুমাৰৰ ফৌজদাৰী গোচৰ শুনাৰ যোগ্যতা আছে নে নাই, সেই বিষয়তো সন্দেহ প্রকাশ কৰে উচ্চতম ন্যায়ালয়ে।

শীর্ষ আদালতে নির্দেশ দিয়ে যে যিমান দিনলৈ ন্যায়াধীশ কুমাৰ কৰ্মৰত হৈ থাকিব, তেওঁক কোনো ফৌজদাৰী গোচৰ দিয়া নহ’ব। কুমাৰ খণ্ড বিচাৰপীঠত বহিলে তেতিয়াও তেওঁৰ লগত উচ্চ ন্যায়ালয়ৰ কোনো অভিজ্ঞ ন্যায়াধীশক ৰাখিব লাগিব।

এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কুমাৰৰ ভূমিকাত অসন্তুষ্ট শীর্ষ আদালতে কয়, ‘তেওঁ কেৱল আত্ম মর্যাদাই হানি কৰা নাই, বিচাৰ ব্যৱস্থাকো হাস্যাস্পদ কৰি তুলিছে।’

 

শীর্ষ আদালতে লগতে বিস্ময় প্রকাশ কৰি কয়, ‘দেশৰ বিচাৰ ব্যৱস্থাত উচ্চ ন্যায়ালয় স্তৰত কি অভাৱ ৰৈ গৈছে, সেয়া আমি বুজিব পৰা নাই। কেতিয়াবা কেতিয়াবা আমি ভাবো, এই ধৰণৰ নিৰ্দেশবোৰ দিয়াৰ সময়ত কোনো বহিৰাগত প্ৰভাৱক বিবেচনা কৰা হয় নে কেৱল আইনক পৰোৱা নকৰাৰ ফল? যিয়েই নহওক কিয়, এই ধৰণৰ অযুক্তিকৰ তথা ভুল নির্দেশ দিয়াটো ক্ষমাৰ অযোগ্য।’

এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মূল গোচৰটো আছিল দুজন ব্যৱসায়ীৰ আৰ্থিক লেনদেন সংক্রান্তীয়। বিক্রেতাই ৫২ লাখ ৩৪ হেজাৰ টকাৰ পণ্য সৰবৰাহ কৰিছিল; কিন্তু বিনিময়ত লাভ কৰিছিল ৪৭ লাখ ৭৫ হেজাৰ টকা। বাকী টকাখিনি বিক্রেতাজনে পোৱা নাছিল।

ইয়াকে লৈ ফৌজদাৰী গোচৰ দাখিল কৰা হয়। এই ফৌজদাৰী গোচৰ খাৰিজ কৰাৰ বাবে দ্বিতীয় ব্যৱসায়ীজন উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়; কিন্তু ন্যায়াধীশ কুমাৰে ফৌজদাৰী গোচৰৰ অনুমতি দিয়ে। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশজনৰ বক্তব্য আছিল যে দেৱানী গোচৰত বছৰৰ পাছত বছৰ লাগি যায়।

অভিযোগকাৰীৰ যি আর্থিক অৱস্থা, সেই দিশৰ পৰা তেওঁ দেৱানী গোচৰ চলাই যাব পৰা পৰিস্থিতিত নাই। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশজনৰ এই সিদ্ধান্ততে উচ্চতম ন্যায়ালয় স্তম্ভিত হৈ পৰিছে। উচ্চ ন্যায়ালয়ৰ এজনীয়া বিচাৰপীঠে যি নির্দেশ দিছিল সেয়া শীর্ষ আদালতে খাৰিজ কৰিছে।

সেই গোচৰ আন কোনো ন্যায়াধীশৰ বিচাৰপীঠলৈ প্ৰেৰণ কৰিবলৈ কৈছে উচ্চতম ন্যায়ালয়ে। এক সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, উচ্চতম ন্যায়ালয়ে কৈছে, ‘উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে অবিলম্বে উক্ত ন্যায়াধীশক ফৌজদাৰী গোচৰৰ পৰা আঁতৰাই দিব লাগিব। তেওঁ খণ্ড বিচাৰপীঠত বহিলে আন কোনো অভিজ্ঞ ন্যায়াধীশ লগত থাকিব লাগিব। তেওঁ যিমান দিনলৈ কৰ্মৰত হৈ থাকিব, তেওঁক যাতে কোনো ফৌজদাৰী গোচৰ দিয়া নহয়।’

‘নগদকাণ্ড’ত নাম জড়িত হোৱা ন্যায়াধীশ বৰ্মাক কেন্দ্ৰ কৰি বিতৰ্ক অব্যাহত থকাৰ মাজতে উচ্চ ন্যায়ালয়ৰ আন এজন ন্যায়াধীশক লৈ উচ্চতম ন্যায়ালয়ৰ এই মন্তব্য যথেষ্ট তাৎপর্যপূর্ণ বুলি বিবেচিত হৈছে। ‘নগদকাণ্ড’ বিতৰ্কৰ পৰিস্থিতিত বিচাৰ ব্যৱস্থালৈ জনসাধাৰণৰ আস্থা ঘূৰাই আনিবলৈ বিভিন্ন পদক্ষেপ অব্যাহত ৰাখিছে উচ্চতম ন্যায়ালয়ে। তাৰ ভিতৰত অন্যতম হৈছে শীর্ষ আদালতৰ ন্যায়াধীশসকলৰ সম্পত্তিৰ হিচাপ প্ৰকাশ কৰাৰ সিদ্ধান্ত। এনে পৰিস্থিতিতে ন্যায়াধীশ কুমাৰৰ প্ৰসংগতো কঠোৰ নিৰ্দেশ দিলে উচ্চতম ন্যায়ালয়ে।

Exit mobile version