Solar Kitchen:✒️ক্রমাৎ শেষ হৈ আহিছে জীৱাশ্ম ইন্ধনৰ পৰিমাণ। সমান তালত বৃদ্ধি পাইছে প্রদূষণ। বিশ্বজুৰি যিসময়ত ইন্ধনৰ খৰচ আৰু প্ৰদূষণৰ মাত্ৰাক দৈনিক মূৰৰ কামোৰণিৰ সৃষ্টি হৈছে, সেই সময়তে এক পৰিৱেশবান্ধৱ ৰন্ধন পদ্ধতি তৈয়াৰ কৰি অনন্য নজিৰ গঢ়িলে ভাৰতে।
ৰাজস্থানৰ মাউন্ট আবুত নির্মাণ হৈছে বিশ্বৰ সবাতোকৈ বৃহৎ সৌৰচালিত ৰান্ধনিশাল। এটাও গেছ চিলিণ্ডাৰ বা বৈদ্যুতিক হিটাৰ অবিহনেই প্রতিদিনে ইয়াত ৰন্ধা হয় প্রায় ৫০ হেজাৰ লোকৰ খাদ্য। অপ্রচলিত শক্তিৰ এক উজ্জ্বল দৃষ্টান্ত হৈ পৰিছে এই ৰান্ধনিঘৰ।
ৰাজস্থানৰ মাউন্ট আবুত অৱস্থিত ব্ৰহ্মকুমাৰী স্পিৰিচুৱেল হেড কোৱাৰ্টাৰ্ছত এই সৌৰচালিত ৰান্ধনিশাল নিৰ্মাণ কৰা হৈছে। পাহাৰীয়া অঞ্চলৰ মনোৰম পৰিৱেশত নির্মিত এই ৰান্ধনিশাল প্রযুক্তি আৰু আধ্যাত্মিকতাৰ অপূর্ব সংমিশ্রণ।
কেনেকৈ কাম কৰে?
এই বিশাল ৰান্ধনিঘৰটোৰ মূল চালিকাশক্তি হৈছে ১.২০০তকৈও বেছি সৌৰ প্ৰতিফলক (ছ’লাৰ ৰিফ্লেক্টৰ)। এই প্রতিফলকসমূহে প্রায় ডাঙৰ ডাঙৰ আয়নাৰ দৰে কাম কৰে। এই প্রতিফলকসমূহক এনে কোণত স্থাপন কৰা হয়, যাতে সেইবোৰে সূৰ্যৰ পোহৰক এটা স্থানত কেন্দ্ৰীভূত কৰি পেলাব পাৰে।
তাৰ পাছত সেই পোহৰৰ কেন্দ্ৰত ডাঙৰ ডাঙৰ তীখা (ষ্টীল) ৰ পাত্র পাতি দিয়া হয়। সূৰ্যৰ তাপ এটা স্থানতে পৰিলে তাৰ তাপমাত্রা ৬৫০ ডিগ্রী চেলছিয়াছ পর্যন্ত পাবগৈ পাৰে। সেই তাপতে ৰন্ধা হয় ডাইল-ত্রুটি, ছাতু, পাচলি, চিৰাকে ধৰি বিভিন্ন ধৰণৰ নিৰামিষ আহাৰ।
কেৱল চৰু-কেৰাহীয়েই নহয়, সেই সৌৰ চুলাত ষ্টিম কুকাৰো ব্যৱহাৰ কৰা হয়। প্ৰচুৰ সৌৰতাপত বকবকাই উতলি উঠে পানী। অথচ গেছ, ডিজেল বা বিদ্যুতৰ অকণো প্রয়োজন নহয়। সেই বাবেই এই ব্যৱস্থাটোক ‘কমপ্লিটলী এমিচন-ফ্রী’ (প্ৰদূষণমুক্ত) ৰন্ধনৰ ব্যৱস্থা বুলি কোৱা হয়।
কিমান ইন্ধন ৰাহি হয়?
সংস্থাৰ প্ৰতিনিধিসকলে জনাইছে যে এই প্রকল্পৰ মাধ্যমেৰে বছৰী প্ৰায় দুই লাখ কেজি এলপিজি গেছ ৰাহি হয়। কেৱল সেয়াই নহয়, প্ৰতি বছৰে গড়ে ৭৫ টন কার্বন ডাই-অক্সাইড নির্গমন হ্রাস কৰাও সম্ভৱ হৈছে। কেৱল ভাৰতৰ বাবেই নহয়, সমগ্ৰ বিশ্বৰ ক্ষেত্ৰতে পৰিৱেশ ৰক্ষাত ই এক বৃহৎ মাইলৰ খুঁটি।
কাৰ বাবে ৰন্ধা হয়?
ব্ৰহ্মকুমাৰী আশ্ৰমত প্রতিদিনে হেজাৰ হেজাৰ সাধক, পর্যটক আৰু কৰ্মচাৰীয়ে ভোজন কৰে। তদুপৰি ওচৰ-পাজৰৰ গাঁও আৰু দৰিদ্ৰ অঞ্চললৈ খাদ্য সৰবৰাহো কৰা হয়। এই ৰান্ধনিশালৰ পৰা প্রতিদিনে কমেও ৫০ হেজাৰ মানুহৰ বাবে খাদ্য প্রস্তুত আৰু বিতৰণ হয়।
বিশ্বব্যাপী স্বীকৃতি এই প্রকল্পই ইতিমধ্যেই আন্তর্জাতিক মহলৰ প্ৰশংসা বুটলিছে। পৰিৱেশবান্ধৱ প্রযুক্তি ব্যৱহাৰৰ ক্ষেত্ৰত এই এক মডেলৰূপে বিবেচিত হৈছে। সৌৰ শক্তিৰ যথাযথ ব্যৱহাৰ, বিশাল পৰিসৰত বাস্তৱ প্ৰয়োগ আৰু ধর্মীয় কেন্দ্ৰৰ স’তে আধুনিক প্ৰযুক্তিৰ সংমিশ্রণ; সকলো মিলাই ইয়াক এক নজিৰবিহীন উদ্যোগৰূপেই গণ্য পৰিছে পৰিৱেশবিদ সকলে।
মাউন্ট আবুৰ এই সৌৰ ৰন্ধনশালাই প্রমাণ কৰে যে ইচ্ছা কৰিলেই প্রযুক্তি আৰু পৰিৱেশৰ মাজত ভাৰসাম্য বজাই ৰাখি ভাল কাম কৰিব পাৰি। ই কেৱল ৰান্ধনিশাল নহয়, বৰঞ্চ ভৱিষ্যতৰ আধুনিক সমাজ গঠনৰ এক উজ্জ্বল দিশ। গেছ, বিদ্যুৎ অবিহনেও যে ইমান বৃহৎ পৰিসৰত ৰন্ধাটো সম্ভৱ, সেয়া চকুত আঙুলি দি দেখুৱাই দিছে সংস্থাটোৱে।
আগন্তুক দিনত এই মডেল অনুসৰণ কৰি আৰু বহু প্রতিষ্ঠানে এই ধৰণৰ কামত উদ্যোগী হ’ব বুলিয়ে আশা কৰিছে একাংশ বিশেষজ্ঞই।






























