Cloudburst:✒️মঙলবাৰে দুপৰীয়া ১-৪৫ বজাত ঢাঁহি-মুহি নিয়া আকস্মিক বানত সন্ধানহীন হৈ আছে শতাধিক লোক। পাহাৰীয়া ক্ষীৰ গংগা নৈয়ে সৃষ্টি কৰা এই আকস্মিক প্রবল বানত ধাৰলি নামৰ গাঁওখন সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হয়।
প্রচণ্ড বেগেৰে বৈ যোৱা বানৰ পানীয়ে ৩০ ছেকেণ্ডৰ ভিতৰতে এই অভাৱনীয় ধ্বংসলীলা সাধন কৰে। ধাৰলি গাঁৱৰ অধিকাংশ ঘৰ-দুৱাৰৰ লগতে কমেও ২৫ খন হোটেল-ৰেস্তোৰাঁ তথা হোম ষ্টে এই বানত ধ্বংস হয়। বোকা-পানীয়ে পুতি পেলায় বহু ঘৰ-দুৱাৰৰ লগতে এটা প্রাচীন মন্দিৰ।
আধ্যাত্মিকস্থলী তথা বিখ্যাত পর্যটন ক্ষেত্রখনত মুহূৰ্তৰ ভিতৰতে সৃষ্ট এই প্রাকৃতিক দুর্যোগত বহু লোক সন্ধানহীন হৈ পৰে। মঙলবাৰে পাঁচজনৰ মৃত্যু নিশ্চিত কৰা হয়। বুধবাৰে পাঁচজনৰ মৃতদেহ উদ্ধাৰ হয়। তদুপৰি সন্ধানহীন হৈ আছে শতাধিক।
ধাৰাসাৰ বৰষুণৰ মাজতে অব্যাহত আছে উদ্ধাৰ অভিযান। এই উদ্ধাৰ অভিযানত বুধবাৰে দুপৰীয়ালৈকে কমেও ডেৰশজনক উদ্ধাৰ কৰা হয়। উদ্ধাৰ অভিযানত ৰাজ্যিক দুর্যোগ উপশম বাহিনীৰ উপৰি ৰাষ্ট্ৰীয় দুর্যোগ উপশম বাহিনী, ভাৰতীয় সেনা আৰু ইণ্ডো-তিব্বতী সীমান্ত আৰক্ষীও নিয়োগ কৰা হৈছে।
চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, দুৰ্গতসকলক উদ্ধাৰকাৰী বাহিনীয়ে নিৰাপদ স্থানলৈ আনিছে। ইপিনে, প্ৰকৃতিৰ এই কোপদৃষ্টিৰ পৰা উত্তৰ কাশী তথা উত্তৰাখণ্ডই শীঘ্ৰে ৰেহাই পোৱাৰ সম্ভাৱনা ক্ষীণ হৈছে। কাৰণ বতৰ বিজ্ঞান বিভাগে প্রকাশ কৰা অনুসৰি আগন্তুক ২৪ ঘণ্টাত ৰাজ্যখনৰ আন একাংশ আধ্যাত্মিক স্থলী তথা পর্যটক আকৰ্ষণ ক্ষেত্ৰ হৰিদ্বাৰ, নাইনিতাল আৰু উধাম সিং নগৰ জিলাত প্রবল বৃষ্টিপাতৰ সম্ভাৱনা আছে।
আগন্তুক সময়ত ৰাজ্যখনৰ আন জিলাসমূহতো কম-বেছি পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে। বতৰ বিজ্ঞান বিভাগৰ এনে পূর্বানুমানৰ ভিত্তিত ৰাজ্যখনৰ বিভিন্ন জিলাত সতর্কতা জাৰি কৰা হৈছে। একাংশ স্থানত ৰেড এলার্ট জাৰি কৰাৰ বিপৰীতে একাংশত অৰেঞ্জ এলার্ট জাৰি কৰা হৈছে।
ইয়াৰ পৰিপ্ৰেক্ষিতত চাম’লি, ৰুদ্ৰপ্ৰয়াগ, আলমোৰা, হৰিদ্বাৰ, পিথুৰাগড়সহ ৰাজ্যখনৰ নখন জিলাত স্কুল আৰু অংগনৱাড়ী কেন্দ্ৰসমূহ বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। উল্লেখ্য যে কালিৰ এই ভয়াৱহ প্রাকৃতিক দুৰ্যোগৰ ফলত ৰাজ্যখনৰ মুঠ ১৬৩ টা পথত যান-বাহনৰ চলাচল বন্ধ কৰা হৈছে।
এই পথসমূহৰ মাজত সাতটা ৰাজ্যিক পথ, পাঁচটা ৰাষ্ট্ৰীয় পথ আৰু দুটা সীমান্ত পথ আছে। ইপিনে, উদ্ধাৰ অভিযানত বিশেষ প্রশিক্ষিত কুকুৰ নিয়োগ কৰাৰ ইংগিত দিছে চৰকাৰী সূত্রই।
১২,৬০০ ফুট উচ্চতাৰ পৰা নামি আহিল সাক্ষাৎ মৃত্যু!
মনোৰম প্ৰাকৃতিক পৰিৱেশত অৱস্থিত আধ্যাত্মিকস্থলী উত্তৰ কাশীৰ ধাবলি গাঁৱত কালি দুপৰীয়া প্ৰাকৃতিক দুৰ্যোগৰ ফলত যেন ১২,৬০০ ফুট উচ্চতাৰ পৰা নামি আহিছিল সাক্ষাৎ মৃত্যু। ঘণ্টাত ৪৩ কিলোমিটাৰ বেগত নামি অহা বোকা-মাটিৰ ধলে ৩০ ছেকেণ্ডৰ ভিতৰতে ধাৰলি গাঁও তথা হর্ষিল উপত্যকাক তচ্চ্ কৰে। পাহাৰৰ পৰা সাক্ষাৎ মৃত্যুদূতৰ বেশত ক্ষীৰ গংগাৰে নামি আহে আকস্মিক বান।
এই বানে পাহাৰৰ পৰা উটুৱাই আনে প্রকাণ্ড প্রকাণ্ড শিল। এই শিলে চুৰমাৰ কৰে নামনি অঞ্চলত অৱস্থিত ঘৰ-দুৱাৰ আদি। ফলত চৌদিশে মুহূৰ্তৰ ভিতৰতে কান্দোন, আৰ্তনাদ উঠে। ঘটনাৰ আকস্মিকতাত হতভম্ব হৈ পৰা স্থানীয় বহু লোকক প্রবল বেগী ধলে উটুৱাই নিয়ে।
তদুপৰি ঘৰ-দুৱাৰ-হোটেল-ৰেস্তোৰাঁ আদিৰ ধ্বংসস্তূপত একাংশ আবদ্ধ হোৱাৰ আশংকা কৰা হৈছে। স্বাভাৱিকতে এই ভয়াৱহ প্রাকৃতিক দুর্যোগে সমগ্র দেশবাসীক মর্মাহত কৰিছে।






























