Basistha Police:
অপৰাধী ৰম্যভূমিত পৰিণত হৈছে গুৱাহাটী মহানগৰ ৷ চিলনী চোৰৰ সন্ত্ৰাসৰ সমান্তৰালভাৱে বাবে অব্যাহত আছে ম’বাইল চোৰৰ চাফাই অভিযান ৷ আৰক্ষীক একপ্ৰকাৰ চেলেন্স দি অপৰাধীয়ে ইটোৰ পিছত সিটোকৈ সংঘটিত কৰি গৈছে চুৰিকাণ্ড ৷
ADVERTISEMENT
অপৰাধীৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে বশিষ্ঠ আৰক্ষী ৷ থানা এলেকাত সঘনে সংঘটিত হৈ থকা ম’বাইল চুৰি সন্দৰ্ভত বিশেষ সূত্ৰৰ পমখেদি বশিষ্ঠ আৰক্ষীয়ে মানকাচৰ জিলাৰ হাটশিঙিমাৰীৰ পৰা গ্ৰেপ্তাৰ কৰে কুখ্যাত চোৰ ম’বাইল চোৰ ৷ চোৰটোৰ পৰা জব্দ কৰে চুৰি হোৱা কে’বাটাও ম’বাইল ফোন ৷ ধৃত চোৰটোৰ নাম আতাউৰ ৰহমান ৷
উল্লেখ্য যে ,আটকাধীন চোৰটোৱে গুৱাহাটীৰ ভিন্ন অঞ্চলৰ পৰা চুৰি কৰা ম’বাইল ফোনবোৰ বিক্ৰী কৰে বহি:ৰাজ্যত I






























