Cloudburst:✒️আকস্মিক বিধ্বস্ত উত্তৰকাশীৰ ধাৰলী আৰু হর্ষিল উপত্যকাৰ পৰা যোৱা তিনিদিনত ৫৬৬ জন লোকক উদ্ধাৰ কৰা হৈছে।তেওঁলোকক হর্ষিল আৰু মাতলীলৈ লৈ যোৱা হৈছে। ডেৰাডুনৰ জলী গ্ৰাণ্ট বিমানবন্দৰলৈ ১১২ জন লোকক বিমানযোগে প্ৰেৰণ কৰা হৈছে।
প্ৰশাসনে জনোৱা মতে আৰু ৩০০ লোকৰ উদ্ধাৰ অভিযান অব্যাহত আছে। উদ্ধাৰ অভিযানৰ বাবে ডগ স্কোয়াড, ড্ৰ’ন নিয়োগ কৰা হৈছে।
সেনা, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এন ডি আৰ এফ), ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (এছ ডি আৰ এফ), ভাৰত-তিব্বতী সীমান্ত আৰক্ষী (আই টি বি পি), সীমান্ত পথ সংস্থা (বি আৰ অ’) আৰু স্থানীয় প্ৰশাসনে ‘অপাৰেচন ধাৰলী’ৰ অধীনত উদ্ধাৰ অভিযান চলাইছে।
হর্ষিল খণ্ডত দ্ৰুত যোগাযোগ ব্যৱস্থা কৰি আৱদ্ধ লোকসকলৰ কাষ চাপিবলৈ প্ৰচেষ্টা চলোৱা হৈছে। উত্তৰাখণ্ড চৰকাৰৰ চাৰিখন হেলিকপ্টাৰ মাটলীৰ পৰা হর্ষিললৈ যোগাযোগৰ বাবে মোতায়েন কৰা হৈছে।
ধ্বংসাৱশেষৰ তলত কোনোবা আবদ্ধ হৈ আছে নেকি জানিবলৈ আধুনিক সঁজুলি অনা হৈছে। ধাৰলীৰ স’তে সংযোগী পথসমূহ সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ বাবে হেলিকপ্টাৰেৰে উদ্ধাৰ অভিযান চলাইছে।
