Mann ki Baat :✒️প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাহেকীয়া অনুষ্ঠান ‘মন কি বাত’ ৰ পৰা উপাৰ্জন হৈছে ৩৪ কোটি ১৩লাখ টকা । শুকুৰবাৰে ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত প্ৰশ্নৰ উত্তৰত এই তথ্য দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যিক মন্ত্ৰী এল মুৰুগানে জনাইছে যে,বিভিন্ন মাধ্যমত এই অনুষ্ঠান সম্প্ৰচাৰিত হয়।
তেওঁ জনোৱা অনুসৰি,আকাশবাণীৰ দ্বাৰা প্ৰযোজিত এই অনুষ্ঠানৰ সম্প্ৰচাৰৰ বাবে কোনো অতিৰিক্ত ধন ব্যয় হোৱা নাছিল । বৰং ইয়াৰ পৰা ৩৪.১৩ কোটি টকা উপাৰ্জনহে কৰিছে।
মন কৰিবলগীয়া যে এই অনুষ্ঠানটো প্ৰথমবাৰৰ বাবে ২০১৪ চনৰ তিনি অক্টোবৰত সম্প্ৰচাৰ কৰা হৈছিল।
মুৰুগানে জনাইছে, দেশৰ জনসাধাৰণৰ এক বৃহৎ অংশই প্ৰতি মাহৰ অন্তিম দেওবাৰে অল ৰেডিঅ’ ইণ্ডিয়াই সম্প্ৰচাৰিত ‘মন কি বাত’ শুনে। ইয়াৰ উপৰিও দূৰদৰ্শনৰ ৰাষ্ট্ৰীয় আৰু বিভিন্ন আঞ্চলিক চেনেলতো সম্প্ৰচাৰ কৰা হয় এই অনুষ্ঠান।
লগতে তেওঁ জনাইছে যে ডি ডি ফ্ৰী ডিছৰ অফাৰ অনুসৰি ইয়াক ৪৮টা আকাশবাণী ৰেডিঅ’ চেনেল আৰু ৯২টা টিভি চেনেলত সম্প্ৰচাৰ কৰা হয়। ফলত গ্ৰামাঞ্চল আৰু দুৰ্গম অঞ্চলৰ বহু লোকে ‘মন কি বাত’ শুনিব পাৰে।
ইয়াৰ উপৰিও পিএমঅ’ ইণ্ডিয়াৰ ইউটিউব চেনেল আৰু প্ৰসাৰ ভাৰতীৰ অ’টিটি প্লেটফৰ্ম ৱেভছত এই অনুষ্ঠান শুনা যায়। ইয়াৰ উপৰিও ‘NewsOnAir’ নামৰ মোবাইল এপটোত এই অনুষ্ঠান উপলব্ধ।
