GMC:জিএমচিয়ে বন্ধ কৰা হোম ষ্টেৰ সন্ধানহীন দুই কিশোৰী উদ্ধাৰ, মানৱ সৰবৰাহকাৰী চক্ৰৰ দৌৰাত্ম্য মহানগৰীত

teenger

GMC:

বাপ্তিছ ইন লজত চলা নিষিদ্ধ ব্যৱসায়ৰ তথ্যই চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে গুৱাহাটীত এইবাৰ যুৱতী আৰু কিশোৰী ক্রয়-বিক্রয়ৰ আন এক কাণ্ড পোহৰলৈ আহিছে।  দিছপুৰ আৰক্ষীয়ে বেলতলাৰ পেলেচীয়া নামৰ এপার্টমেন্টটোত থকা ৰ’জমেৰী নামৰ হোম ষ্টেৰ পৰা দুগৰাকী কিশোৰীক উদ্ধাৰ কৰাৰ জৰিয়তে এই উদ্বেগজনক তথ্য পোহৰলৈ আহিছে।

শেহতীয়াকৈ মৰিগাঁও আৰক্ষী থানাত দুগৰাকী কিশোৰী সন্ধানহীন হোৱাৰ এক গোচৰ ৰুজু হৈছিল। এই গোচৰটোৰ অনুসন্ধানতে সন্ধানহীন কিশোৰীদ্বয় হোম ষ্টেটোৰ পৰা উদ্ধাৰ হয়। ইয়াৰ পাছতে আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহে যে কিশোৰীদ্বয়ক কালি ৰেলযোগে মৰিগাঁৱলৈ অনা হৈছিল। তাৰ পাছত দুয়োকে অনা হৈছিল হোম স্টেটোলৈ।

কিশোৰীদ্বয়ৰ পৰা যি তথ্য উদ্ধাৰ কৰা হৈছে, তাৰ ভিত্তিত আৰক্ষীয়ে নিশ্চিত কৰিছে যে দুয়োকে প্রায় এমাহ তাত ৰখাৰ পাছত হায়দৰাবাদলৈ প্ৰেৰণৰ কথা আছিল। হোম স্টেটো মানৱ সৰবৰাহৰ কেন্দ্ৰৰূপে গঢ়ি তোলা হৈছিল বুলিও আৰক্ষীয়ে তথ্য লাভ কৰিছে। লক্ষ্যণীয়ভাৱেকালি আৰক্ষীয়ে অভিযান চলোৱাৰ পূৰ্বেই হোম স্টেটোত থকা আন লোকসকলে পলায়ন কৰে।

এপার্টমেণ্টৰ একাংশ বাসিন্দা আৰু নিৰাপত্তাৰক্ষীৰ বক্তব্যৰ ভিত্তিত আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি তালৈ বহু সন্দেহজনক লোকৰ প্ৰায় আগমন হৈছিল। ইয়াৰ ভিতৰত যুৱতীৰ সংখ্যাই হ’ল চকুত লগা। আৰক্ষী সূত্রই লগতে জনায় যে এই হোম স্টেটো প্রায় এবছৰ পূৰ্বে বিভিন্ন অনিয়মৰ অভিযোগত গুৱাহাটী পৌৰ নিগমে বন্ধ কৰি দিছিল। তাৰ পাছতো কিদৰে আৰু কাৰ পৃষ্ঠপোষকতাত পুনৰ চলি থাকিবলৈ সক্ষম হৈছিল, তাকে লৈ ৰহস্যৰ সৃষ্টি হৈছে।

Exit mobile version