Guwahati Sex Racket Busted:প্ৰভাৱশালী লোকৰ ছত্ৰছায়াতে ধৃত হাজৰিকাই চলাইছিল নিষিদ্ধ ব্যৱসায়

চাকৰিৰ ৱেবছাইট খুলি যুৱতীৰ সন্ধান নিজেই চলাইছিল ,মহানগৰীত নাৰীদেহ ব্যৱসায়ৰ ভয়াৱহ ছবি উন্মোচিত

sax ra

Guwahati Sex Racket Busted:

গুৱাহাটীত চলি থকা নাৰীদেহ ব্যৱসায়ৰ অভিজাত কেন্দ্ৰবোৰৰ অন্যতম আছিল শেহতীয়াকৈ জয়ানগৰত পোহৰলৈ অহা ‘বাপ্তিহ ইন’ তথাকথিত লজটো। প্রকৃতার্থত এই লজটো এক অভিজাত পতিতালয়ৰ লগতে গ্রাহকক নাৰী যোগান ধৰা এটা কেন্দ্ৰহে আছিল। আৰক্ষীৰ এই তদন্তত এই কথাই এতিয়া স্পষ্ট হৈছে। গুৱাহাটীৰ মাজমজিয়াতে সুদীর্ঘ দিন এই কাণ্ড কিদৰে চলি থাকিব পাৰিছিল, সেয়াহে ৰহস্যৰ বিষয় হৈ পৰিছে।

লজটোৰ স্বত্বাধিকাৰী বাপ্তি হাজৰিকাৰ নেতৃত্বত দালাল তথা এজেণ্টৰ এটা বৃহৎ চক্ৰই কৰ্মৰ সন্ধানত থকা যুৱতীক কৌশলৰে জালত পেলাই যি নির্যাতন চলাইছিল, সেয়াও আছিল ভয়ংকৰ। অৱশ্যে একাংশ যুৱতীয়ে সহজলভ্য ধনৰ তাড়নাত স্বেচ্ছাই এই ব্যৱসায়ত চামিল হৈছিল। এনে যুৱতীৰ বহুতকে যন্ত্ৰৰ দৰেও গ্ৰাহকৰ ওচৰত ব্যৱহাৰ কৰা হৈছিল।

এজন আৰক্ষী, তিনি গৰাকী যুৱতী মহিলা আৰু বাপ্তি হাজৰিকাক কৰা জেৰাত পোহৰলৈ আহিছে যে একেগৰাকী যুৱতীকে এনিশাত একাধিক গ্ৰাহকৰ ওচৰলৈ বলপূর্বকভাৱে প্ৰেৰণ কৰা হৈছিল। ইয়াৰ ফলত তেনে যুৱতী অসুস্থ হৈ পৰিছিল। তেওঁলোকক চিকিৎসা কৰা হৈছিল গুৱাহাটীৰ দুখন ব্যক্তিগত চিকিৎসালয়ত। গ্ৰাহকৰ পছন্দক অগ্ৰাধিকাৰ দি যুৱতীক এনেদৰে পশুৰ দৰে ব্যৱহাৰ কৰাৰ বিনিময়ত বাপ্তি হাজৰিকাই আহৰণ কৰিছিল লাখ লাখ টকা।

নতুন নতুন যুবতীক এই ব্যৱসায়ৰ জালত পেলাবলৈ বাপ্তিয়ে নিজেই এটা ৱেবছাইট খুলি তাৰ বিজ্ঞাপনো নিজেই প্ৰচাৰ কৰিছিল। ইয়াৰ বাবে নিজেই ভিডিঅ’ প্ৰস্তুত কৰি সামাজিক মাধ্যমত বিয়পাই দিছিল। জব প’ষ্টিং নামৰ এটা ৱেবছাইট ইয়াৰ বাবে খোলা হৈছিল। সংস্থাপনৰ প্রলোভন দি প্ৰস্তুত কৰা ভিডিঅ’বোৰত এই ৱেবছাইটটোত আবেদন কৰিবলৈ কোৱা হৈছিল।

সংস্থাপনৰ তাড়নাত ভোগা ৰাজ্যৰ বিভিন্ন স্থানৰ যুৱতীয়ে আবেদন কৰাৰ পাছত সেইসকলৰ মাজৰ বছা বছা সকলক নিজৰ আচল উদ্দেশ্যত ব্যৱহাৰ কৰাৰ চেষ্টা চলাইছিল ধৃত বাপ্তিয়ে। উল্লেখ্য যে জালনোট প্রস্তুত আৰু ব্যৱসায়ত জড়িত থকাৰ অপৰাধত ইতিপূৰ্বে লখিমপুৰত গ্ৰেপ্তাৰ হোৱা গহপুৰৰ প্ৰকৃত বাসিন্দা বাপ্তিয়ে পাছত গুৱাহাটীলৈ আহি নাৰীদেহ ব্যৱসায়ত নামিছিল।

অনলাইন বুকিং, হোৱাটছএপ আদিকে ধৰি আধুনিক ব্যৱস্থাৰে এই ব্যৱসায় চলাই আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল অভিজাত শ্ৰেণীৰ নাৰীদেহৰ সন্ধানত থকা যুৱক-পুৰুষক। এই তালিকাত বহু প্ৰভাৱশালী লোকো থকাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছে। তেনে লোকৰ ছত্ৰছায়াতে বাপ্তিয়ে এই ব্যৱসায় চলাই থকাই নহয়, তাক দ্রুত গতিত সম্প্ৰসাৰিত কৰিবলৈয়ো সক্ষম হৈছিল। এনেদৰেই বাপ্তিছ ইনৰ জৰিয়তে গুৱাহাটীত চলি থকা এখন নিষিদ্ধ ক্ষেত্ৰৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে

Exit mobile version