Hotel Owner Arrested In Guwahati: অনৈতিক কার্য চলাই অহাৰ অভিযোগত হোটেল বিলাসৰ গৰাকী তথা সাংবাদিক কিৰণ কুমাৰ গগৈক আটক আৰক্ষীৰ

kiran gogoi

Hotel Owner Arrested In Guwahati:

গুৱাহাটীত চলি থকা নাৰীদেহ ব্যৱসায়ৰ অভিজাত কেন্দ্ৰবোৰৰ অন্যতম আছিল জয়ানগৰৰ ‘বাপ্তিছ ইন’ৰ পাছত এইবাৰ কেচু খান্দোলে সাপ ওলাল লেখিয়াকে জঘন্য কাণ্ডত জড়িত এজন স্বয়ম্ভু সাংবাদিক পৰিল আৰক্ষীৰ জালত ৷

কিৰণ কুমাৰ গগৈ নামৰ স্বয়ম্ভু সাংবাদিকজনৰ মালিকাধীন মহানগৰীৰ উলুবাৰীৰ হোটেল বিলাসত দীৰ্ঘদিন ধৰি অনলাইনযোগে অনৈতিক কার্য চলাই থকাৰ অভিযোগত গুৱাহাটী আৰক্ষীয়ে আজি আটক কৰে গগৈক ৷ আৰক্ষীয়ে আটক কৰে হোটেল খনৰ মেনেজাৰ সীমান্ত বৰাকো  ৷ মহানগৰীৰ মাজমজিয়াত সুদীৰ্ঘ দিন এই কাণ্ড কিদৰে চলি থাকিব পাৰিছিল,সেয়াহে ৰহস্যৰ বিষয় হৈ পৰিছে ।

Exit mobile version