Rahul Gandhi :
বিগত লোকসভা নিৰ্বাচনৰ সময়ৰ পৰা নির্বাচন আয়োগে দেশত ব্যাপক হাৰত ভোট ‘চুৰি’ কৰি বিজেপিক সহায় কৰা বুলি এক গুৰুতৰ অভিযোগ উত্থাপন কৰিলে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। অর্থাৎ কংগ্রেছ নেতাজনে ইংগিত দিছে যে ভোট চুৰিৰ জৰিয়তেহে যোৱা লোকসভা নির্বাচন তথা মহাৰাষ্ট্ৰ, হাৰিয়ানা আদিত পুনৰ বিজেপি ক্ষমতালৈ আহিবলৈ সক্ষম হৈছে।
উল্লেখ্য যে কিছুদিন পূর্বে কংগ্ৰেছ নেতা ৰাহুলে অভিযোগ উত্থাপন কৰে যে স্বয়ং নির্বাচন আয়োগৰ উদ্যোগত দেশত বিগত সময়ত ব্যাপক হাৰত ভোটাৰৰ জালিয়াতি ঘটে। এই সম্পর্কীয় তথ্য প্রকাশৰে তেওঁ শীঘ্রে দেশত পৰমাণু বোমা বিস্ফোৰণ সদৃশ পৰিস্থিতিৰ সৃষ্টি কৰিব বুলিও হুংকাৰ দিয়ে। তেতিয়া এই বিষয়ে সবিশেষ ব তথ্য প্রকাশ নকৰিলেও সম্প্রতি তথ্যপাতিসহ দেশত ভোটাৰ জালিয়াতিৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে কংগ্ৰেছ নেতাজনে।
দেশত নির্বাচন আয়োগৰ পৃষ্ঠপোষকতাত ভোটাৰ জালিয়াতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰোতে তেওঁ কর্ণাটক, মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাৰ উদাহৰণ দাঙি ধৰে। ইয়াত এখন সংবাদমেলত ৰাহুলে এই ভোটাৰ জালিয়াতিৰ বিস্তৃত তখ্য দাঙি ধৰি কয় যে ২০২৪ৰ লোকসভা নির্বাচনৰ সময়ত কৰ্ণাটকৰ মহাদেৱপুৰা বিধানসভা সমষ্টিত লক্ষাধিক ভুৱা ভোটাৰৰ নাম নির্বাচন আয়োগে ভোটাৰ তালিকাত অন্তর্ভুক্ত কৰে।
অনুৰূপ জালিয়াতিৰ ঘটনা বিগত মহাৰাষ্ট্ৰ বিধানসভা নির্বাচনতো সংঘটিত হয় বুলি তেওঁ অভিযোগ উত্থাপন কৰে। সংবাদমেলত ৰাহুলে কয়, ‘বাংগালুৰু চেন্ট্রেল লোকসভা সমষ্টিৰ অন্তৰ্গত মহাদেৱপূৰা বিধানসভা সমষ্টিৰ মুঠ ৬.৫ লাখ ভোটাৰৰ এক লক্ষাধিক ভোটাৰ ভুৱা। যোৱা লোকসভা নির্বাচনত বাংগালুৰু লোকসভা নির্বাচনত বাংগালুৰু চেপ্টেল সমষ্ঠিত বিজেপি প্রার্থী পি চি মোহনৰ স’তে কংগ্ৰেছ প্রার্থী মনাচুৰ আলী খানৰ তুমুল প্রতিদ্বন্দ্বিতা হয়। ভোটগণনাৰ অধিকাংশ সময়ত খান আগবাঢ়ি আছিল। কিন্তু চূড়ান্ত ফলাফলত দেখা গ’ল যে বিজেপি প্রার্থজনে সামান্য ৩২,৭০৭ টা ভোটৰ ব্যৱধানত জয়লাভ কৰে’ সমষ্টিটোত বিজিত কংগ্রেছ প্রার্থীজনে ৬,২৬,২০৮ টা ভোট লাভ কৰাৰ বিপৰীতে বিজয়ী বিজেপি প্রার্থীজনৰ পক্ষত ৬,৫৮,৯১৫ টা ভোট পৰে।
সাতটা বিধানসভা সমষ্টিবে গঠিত বাংগালুৰু চেন্ট্রেল সমষ্টিত কংগ্রেছ প্রার্থীজনে কেৱল মহাদেৱপুৰা সমষ্টিতহে পৰাজয়বৰণ কৰে অর্থাৎ সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থীজনতকৈ কম ভোট লাভ কৰে। এই সম্পর্কত ৰাহুলে কয়, ‘মহাদেবপুৰা বিধানসভা সমষ্টিত ১,০০,২৫০ টা ভোট চুৰি হৈছে। ইয়াৰে ১১,৯৬৫ ভোটাৰ ভুৱা ভোটাৰ। আনসকলৰ ৪০,০০৯ ভোটাৰৰ ঠিকনা ভুৱা আৰু বৈধ নহয়। ১০,৪৫০ ভোটাৰৰ ঠিকনা একেটাই। ৪,১৩২ ভোটাৰৰ ফটো বেধ নহয়।’
ৰাহুলে লগতে কয় যে ৩৩,৬৯২ নতুন তথা প্ৰথমবাৰ ভোট দিয়া ভোটাৰে নিৰ্বাচন আয়োগৰ ছয় নম্বৰ প্ৰ-পত্ৰ (ফ’ৰ্ম-৬)ৰ অপব্যৱহাৰ কৰে। এই ‘ভোট চুৰি’ কাণ্ড বিজেপিৰে হাত মিলাই নির্বাচন আয়োগে সংঘটিত কৰা বুলি সংবাদমেলত ৰাহুল সৰৰ হৈ উঠে। যোৱা বছৰ অনুষ্ঠিত হাৰিয়ানা আৰু মহাৰাষ্ট্ৰ বিধানসভা নির্বাচনতো ব্যাপক হাৰত ‘ভোট চুৰি’ সংঘটিত হয় বুলি কংগ্রেছ নেতাজনে অভিযোগ উত্থাপন কৰে। সংবাদমেলত তেওঁ দাবী কৰে যে কংগ্ৰেছে ছমাহ ধৰি চলোৱা আভ্যন্তৰীণ অনুসন্ধানৰ জৰিয়তে বিজেপিৰে হাত মিলাই নির্বাচন আয়োগৰে সংঘটিত কৰা এই বৃহৎ ‘ভোট চুৰি’ ঘটনা পোহৰলৈ আহিছে।
আয়োগে বৈদুতিন ৰূপত তথ্য যোগান হ’লে ৩০ ছেকেণ্ডৰ ভিতৰতে জালিয়াতিৰ তথ্য দিলেহেঁতেন বুলিও ৰাহুলে দাবী কৰে ভোটাৰৰ তথ্য পৰীক্ষাত বাধা দিয়াৰ উদ্দেশ্যে আয়োগে যন্ত্ৰৰ দ্বাৰা পঢ়িব নোৱাৰা কাগজত ভোটাৰৰ তথ্য যোগান ধৰা বুলিও তেওঁ ক্ষোভপ্রকাশ কবে। এনেদবে আয়োগলৈ তীক্ষ্ণ বাক্যবাণ এৰি তেওঁ আৰু কয়, ‘মহাদেৱপুৰা সমষ্টির তথ্য পৰীক্ষাৰ বাবে আমাক ছমাহ সময়ৰ প্ৰয়োজন হ’ল। যদি নির্বাচন আয়োগে আমাক ইলেক্ট্র’নিক তথ্য দিলেহেঁতেন তেন্তে ৩০ ছেকেণ্ডৰ ভিতৰতে আমি এই তথ্য দাখিল কৰিলোহেঁতেন।
কিয় আমাক এনেদৰে তথ্য দিয়া হৈছে? ইয়াৰ কাৰণ হৈহে যাতে তথ্য বিশ্লেষণ কৰিব নোৱাৰি। আমাক দিয়া কাগজসমূহৰ তথ্য যন্ত্রৰ সহায়ত পঢ়িব নোৱাৰি।’ উল্লেখ্য যে কর্ণাটকত ভোটাৰ জালিয়াতিক লৈ ৰাহুলৰ নেতৃত্বত নির্বাচন আয়োগৰ বিৰুদ্ধে বিগত সময়ত এক প্রতিবাদো সাব্যস্ত হয়।
#ভোটাৰ তালিকাত ব্যাপক হাৰত ভুৱা নাম সংযোজন !
সংবাদমেলত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে সংসদত থকা প্রতিটো দলেই প্রতিষ্ঠান বিৰোধিতাৰ সন্মুখীন হয়। আশ্চর্যজনকভাবে প্রতিষ্ঠান বিৰোধী ঢৌৰ দ্বাৰা বিজেপি ক্ষতিগ্রস্ত নোহোৱাটো বোধ হয় বুলি তেওঁ মন্তব্য কৰে। বিগত লোকসভা নিৰ্বাচনৰ পাছতে যোৱা বছৰেই অনুষ্ঠিত হাৰিয়ানা আৰু মহাৰাষ্ট্ৰ বিধানসভা নির্বাচনক ইংগিত কৰি তেওঁ কয়, ‘ভোটাৰ তালিকাত ভুৱা মানুহক সংযোজন কৰা হৈছে।
কেতবোৰ দিশক লৈ জনতাৰ মাজত সন্দেহৰ উদ্ৰেক হৈছে। প্রতিখন গণতান্ত্রিক দেশতে প্রতিটো দলৰ বিৰুদ্ধে প্রতিষ্ঠান বিৰোধী টৌ গঢ়ি উঠে। কিন্তু এক গণতান্ত্রিক পৰিকাঠামোত বিজেপিয়ে হৈছে একমাত্র দল যি প্রতিষ্ঠান বিৰোধিতাৰ দ্বাৰা ক্ষতিগ্রস্ত নহয়।’ বিগত মহাৰাষ্ট্ৰ আৰু হাৰিয়ানা বিধানসভা নির্বাচনৰ প্ৰসংগ উল্লেখ কৰি তেওঁ প্রশ্ন কৰে যে কেনেকৈ অধিকাংশ বৃহৎ এগজিট প’ল (নির্বাচনোত্তৰ সমীক্ষা)ৰ ফলাফল ভুল হ’ল।
উল্লেখ্য যে বিগত হাবিয়ানা বিধানসভা নির্বাচনত কংগ্রেছে জয়লাভ কৰিব বুলি বহুসংখ্যক এগজিট প’লে পূর্বানুমান প্রকাশ কৰে। একেদৰে মহাৰাষ্ট্ৰ বিধানসভা নির্বাচনত কংগ্রেছকো সামৰি গঠিত মহাযুটিৰ সম্ভাৱনা বিজেপি নেতৃত্বৰ এনডিএতকৈ অধিক বুলি ইংগিত দিছিল বিভিন্ন এগজিট প’লে। এই প্রসংগ উনুকিয়াই সংবাদমেলত ৰাহুলে কয়, ‘এগজিট প’ল আৰু জনমত সমীক্ষাই কয় এটা কথা…। আপোনালোকে হাৰিয়ানা নির্বাচন আৰু মহাৰাষ্ট্ৰ নির্বাচনত দেখিলে। আৰু তাৰ পাছতে হঠাতে ফলাফল বৃহৎ ঘূর্ণনসহ এক সম্পূর্ণ সুকীয়া দিশত গ’ল।’ মহাৰাষ্ট্ৰত পাঁচ বছৰত যিমান ভোটাৰ বৃদ্ধি হ’ল তাতকৈ পাঁচ মাহত অধিক ভোটাৰ বৃদ্ধি I
সংবাদমেলত ৰাহুলে তথ্যসহ অভিযোগ উত্থাপন কৰে যে কেৱল মহাৰাষ্ট্ৰতে ভোটাৰ তালিকাত ৪০ লাখ ৰহস্যময় ভোটাৰৰ সংযোজন ঘটিছে। তেওঁ কয় যে ৰাজ্যখনত পাঁচ বছৰত ভোটাৰৰ সংখ্যা যিমান বৃদ্ধি পালে, তাতকৈ পাঁচ মাহত ভোটাৰৰ সংখ্যা অধিক বৃদ্ধি পায়। এয়া কেনেদৰে সম্ভব বুলি প্রশ্ন উত্থাপন কৰি কংগ্ৰেছ নেতাজনে লগতে কয়, ‘দেশজুৰি তুরা ভোট সংযোজন হৈছে। আমি পাঁচটা স্তৰত ভোটাৰ তালিকা গবেষণা কৰি এনে জালিয়াতি ধৰা পেলাইছো।’
বিজেপ্টি সহায় কৰাৰ স্বাৰ্থত আয়োগে এনে হঠকাৰী আচৰণ কৰা বুলি উল্লেখ কৰি তেওঁ আয়োগৰ আয়ুক্তসকলক সকীয়ায়ো দিয়ে। তেওঁ কয়, ‘আপোনালোকে যি পদতে কার্যনির্বাহ নকৰক কিয়, জ্যেষ্ঠ পদতে হওক বা কনিষ্ঠ পদতে হওক আপোনালোকে বেয়া কাম কৰিব নোৱাৰে।’ বহু সমষ্টিত ৰিগিং হ’ল বুলি অভিযোগ উত্থাপন কৰি তেওঁ ইয়াৰ উত্তৰ আয়োগে দিব লাগিব বুলি হুংকাৰ দিয়ে তাৰ পাছতে আয়োগৰ আয়ুক্তসকলক উদ্দেশি তেওঁ আৰু কয়, ‘আপোনালোকে দেশৰ গণতন্ত্রক ধ্বংস কৰিব নোৱাৰে। আপোনালোকৰ কাম হ’ল গতন্ত্ৰক ৰক্ষা কৰা।’
উল্লেখ্য যে ২০২৪ৰ লোকসভা নির্বাচনৰ কিছুদিন পূর্বে ৰাহুলে নিৰ্বাচনত ৰিগিং হোৱাৰ আশংকা কৰিছিল। এই নির্বাচনত ৭০ৰ পৰা ৮০ বা এশটা সমষ্টিত বিগিং সংঘটিত হ’ল বুলিও তেওঁ অভিযোগ উত্থাপন কৰে। ৰাহুলে দাবী কৰে যে ১০-১৫ টা লোকসভা সমষ্টিত বিগিং নোহোৱাহেঁতেন নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে প্রধানমন্ত্রী হ’ব নোৱাৰিলেহেঁতেন।
# নির্বাচন আয়োগৰ প্ৰতিক্ৰিয়াৰ পাছত পুনৰ সৰব ৰাহুল
সংবাদমেলত ৰাহুলে বিগত বিভিন্ন নির্বাচনত ব্যাপক হাৰত ভোট চুৰিৰ যি অভিযোগ উত্থাপন কৰে সেয়া মুহূৰ্তৰ ভিতৰতে দেশৰ নির্বাচন আয়োগে খণ্ডন কৰি কংগ্ৰেছ নেতাজনক প্রত্যাহ্বান জনায়। আয়োগৰ প্ৰত্যাহ্বানক একপ্ৰকাৰ আওকাণ কৰি ৰাহুলে কয়, ‘মই এজন নেতা। আৰু মই ৰাজহুৱাভাৱে এই কথা কৈছো। আমাৰ শপত এটাই।’ ৰাহুলে এনেদৰে উভতি ধৰাৰ পূৰ্বে ভোটাৰ জালিয়াতিৰ অভিযোগ সন্দর্ভত আয়োগে কয়, ‘ভোটাৰ তালিকাৰ জালিয়াতিৰ যি অভিযোগ তেওঁ উত্থাপন কৰিছে সেয়া তেওঁ শপতনামাৰ জৰিয়তে কোৱা উচিত।
এনেধৰণৰ তথ্যবে দেশবাসীক বিভ্রান্ত কৰা বন্ধ হোৱা উচিত।’ ৰাহুলে লগতে কয় যে ২০২৪ৰ লোকসভা নির্বাচনত বিৰোধী ইণ্ডিয়াই মহাৰাষ্ট্ৰৰ মুঠ ৪৮ খন আসনৰ ৩০ খনতে জয়লাভ কৰে। কিন্তু তাৰ পাঁচমাহৰ পাছতে অনুষ্ঠিত ৰাজ্যখনৰ বিধানসভা নির্বাচনত বিৰোধী জোঁটটোৰে ৫০ৰ ঘৰো অতিক্ৰম কৰিব নোৱৰিলে। ভোট চুৰি তথা ভোটাৰ তালিকাৰ ব্যাপক জালিয়াতিৰ ফলত ৰাজ্যখনত বিৰোধী এনে বিপৰ্যয়ৰ সম্মুখীন হ’বলগীয়া হয় বুলি তেওঁ অভিযোগ উত্থাপন কৰে।
তেওঁ লগতে দাবী কৰে যে তেওঁ নির্বাচন আয়োগৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগক লৈ বিৰোধী ইণ্ডিয়াত ঐক্যমত আছে। বিৰোধী জোঁটটো ঐক্যবদ্ধ হৈ থাকিব বুলিও তেওঁ কয়। স্বাভাবিকতে ৰাহুলৰ এই অভিযোগক লৈ সৰব হৈ উঠি কংগ্ৰেছ নেতাজনক তীক্ষ্ণ বাক্যবাণেৰে থকাসৰকা কৰিছে বিজেপিয়ে। দলে দাবী কৰে যে ৰাহুলে উত্থাপন কৰা অভিযোগ সম্পূর্ণৰূপে ভিত্তিহীন।
